ধুবুৰীৰ পাগলাহাট আৰক্ষী চকীৰ অন্তৰ্গত কাছাখান গাঁৱৰ সুফলা অধিকাৰীৰ শেষকৃত্য আজি এক শোকাকুল পৰিৱেশৰ মাজত সম্পন্ন হয়।ধুবুৰীৰ পাগলাহাটত সৰ্বত্ৰ শোকৰ ছাঁ। সামাজিক কাম কাজত আগভাগ লোৱা উচ্চ শিক্ষিতা ছোৱালী সুফলা আকস্মিক ভাবে মৃত্যু মুখত পৰাত সকলোৱে মৰ্মাহত হৈ পৰিছে। পাগলাহাটৰ বালাসী শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। উল্লেখ্য যে, গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ৰ পৰা এইবেলি সুফলাই সুখ্যাতিৰে বিএ পাছ কৰে। সকলোৰে লগত মিলা-প্ৰীতিৰে থাকি ভাল পোৱা আৰু সামাজিক কামত আগৰণুৱা সুফলাৰ এনেদৰে আকস্মিক মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।