Change Language
মুখ্যপৃষ্ঠা » ফটো » অসম
1/ 6


বৃহস্পতিবাৰে ধেমাজিত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাই কন্দুৱাইছে সকলোকে। নিমিষতে শেষ হৈ গ’ল সকলো। ঘৰৰ চোতালত পৰি ৰৈছে পিতৃ আৰু সৰু কন্যাৰ মৃতদেহ। ডিব্ৰুগড়ৰ চিকিত্সালয়ত জীৱন মৃত্যুৰে যুঁজিছে মাতৃ আৰু ডাঙৰ কন্যাই।
2/ 6


বৃহস্পতিবাৰে ধেমাজিৰ চিচিবৰগাঁৱৰ গেলুৱা দলঙত গাড়ীসহ নৈত পৰিছিল পৰিয়ালটো। বিবাহ অনুষ্ঠানত ভাগ ল’বলৈ লখিমপুৰৰ পৰা ব্যক্তিগত বাহনেৰে চিলাপথাৰলৈ গৈছিল লখিমপুৰৰ টংকেশ্বৰ কলিতা নামৰ লোকজনৰ পৰিয়ালটো।
4/ 6


আজি পুৱা উদ্ধাৰ হয় পিতৃ টংকেশ্বৰ কলিতা আৰু আৰু সৰু কন্যা ৰিকি কলিতাৰ মৃতদেহ। এতিয়াও সন্ধান ওলোৱা নাই গাড়ী চালকৰ। সৰু কন্যাই এইবাৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।
5/ 6


উল্লেখযোগ্য যে, ঘটনা সংঘটিত হোৱাৰ পিছতে কেইজনমান যুৱকে নদীত জাপ দি মাতৃ আৰু ডাঙৰ কন্যা কুকি কলিতাক জীৱন্তে উদ্ধাৰ কৰে।