কোৰোণাত আক্ৰান্ত হোৱাৰ পিছত থলেশ্বৰ দাসক কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰাৰ লগতে নিহাৰিকাক হোম কোৱাৰেণ্টাইনত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল স্বাস্থ্য বিভাগে। কিন্তু বয়সীয়াল শহুৰেকক অকলশৰে হাস্পতাললৈ প্ৰেৰণ কৰিবলৈ অমান্তি হয় নিহাৰিকা। সেয়েহে চিকিৎসালয়খনত সেইসময়ত দায়িত্বত থকা ডা° সংগীতা ধৰ আৰু বহুমুখী স্বাস্থ্যকৰ্মী পিন্টু হীৰাই যাৱতীয় চিকিৎসা সেৱা প্ৰদান কৰি দুয়োকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড হস্পিতাললৈ ১০৮ বাহনেৰে প্ৰেৰণৰ ব্যৱস্থা কৰে ৷