স্বৰ্গদেউ শিৱ সিংহৰ ৰাজত্বকালত ৰাণী অম্বিকা দেৱীয়ে ১৭৩৪ খ্ৰীষ্টাব্দত (১৬৫৫ শকত ) নিৰ্মাণ কৰোৱাইছিল দেৱী দৌল। এই দেৱী দৌল প্ৰতিষ্ঠা কালৰে পৰা শান্তি-সম্প্ৰীতিৰ প্ৰতীক হিচাপেও চিহ্নিত হৈ আহিছে। এইবাৰো হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰিছে ঐতিহাসিক দেৱী দৌলত পালন কৰা দুৰ্গা পূজাই । ধৰ্মীয় বিশ্বাস , আস্থাৰ প্ৰতিভূ শিৱসাগৰৰ দেৱী দৌলত দুৰ্গা পূজাত বৈদিক পৰম্পৰাৰেই পূজা আগবঢ়োৱা হৈছে।
লক্ষণীয় যে দুৰ্গা পূজাত যি নৈবেদ্য আগবঢ়োৱা হৈছে তাৰে এটা অংশ তথা ভাগ এইবাৰো শিৱসাগৰৰ ধাই আলিৰ নিৱাসী মুছলমান দৌল্লা পৰিয়াললৈ আগবঢ়োৱা হয়। বুধবাৰে মহাঅষ্টমীৰ দিনা সন্ধিয়া দেৱী দৌলৰ চৌহদত মুছলমান সম্প্ৰদায়ৰ দৌল্লা পৰিয়ালে গ্ৰহণ কৰিলে পূজাৰ নৈবেদ্য। উল্লেখযোগ্য যে প্ৰতিষ্ঠা কালৰে পৰা শিৱসাগৰৰ ধাই আলি নিৱাসী দৌল্লা পৰিয়ালৰ পূৰ্বপুৰুষে দেৱী দৌলত বজাইছিল ঢাক আৰু নেগেৰা। নেগেৰা বজোৱাৰ বাবে তেতিয়াৰ দিনতে দৌল্লা পৰিয়ালে দুৰ্গা পূজাৰ নৈবেদ্যৰ ভাগ লাভ কৰিছিল।
পৰৱৰ্তী কালত দৌলত ঢাক বজোৱাৰ পৰম্পৰা নাইকিয়া হ'ল যদিও দৌল্লা পৰিয়ালে পূজাৰ ভাগ লাভৰ পৰম্পৰা অব্যাহত আছে। সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি এইবাৰ দৌল্লা পৰিয়ালৰ এক নতুন প্ৰজন্মই অংশ ল'লে দেৱী দৌলৰ দুৰ্গাপূজাত। বহু বছৰ ধৰি দৌলৰ পূজাৰ ভাগ গ্ৰহণ কৰি অহা দৌল্লা পৰিয়ালৰ জ্যেষ্ঠ মণিৰুদ দৌল্লাৰ (৭৯) যোৱা ৯ মে'ত ক'ভিড-১৯ত দেহাৱসান হয় ।
ইপিনে প্ৰয়াত মণিৰুদ দৌল্লাৰ কন্যা তছমিয়া দৌল্লাই কয়– "দেৱী দৌলৰ প্ৰাসাদ গ্ৰহণ কৰি অতিকৈ সন্তোষ লাভ কৰিছোঁ। এয়া শান্তি–সম্প্ৰীতিৰ প্ৰতীক। আগলৈও যাতে এনেদৰে পূজাৰ ভাগ দিয়ে, তাৰ বাবে মই দৌল পৰিচালনা সমিতিৰ প্ৰতি অনুৰোধ কৰিছোঁ। কাৰণ নতুন প্ৰজন্মক এনে কাৰ্যই সম্প্ৰীতিৰ বাৰ্তা দিব।" ধৰ্মীয় বিশ্বাসৰ মাজত সুদৃঢ় হৈ থকা এই মানৱীয় সম্পৰ্ক, সম্প্ৰীতিৰ পৰম্পৰাই এইবাৰ লাভ কৰিছে আন এক নতুন গতি । আশা কৰা হৈছে এই সম্প্ৰীতিৰ এই বাৰ্তা বিয়পি পৰিব বিশ্ব দৰবাৰলৈ।