২০ জুনৰ ভিতৰত হ’ব লাগিব পুৰণি শৰাইঘাট দলঙৰ পুনৰ নিৰ্মাণ। সোমবাৰে নিজে দলঙৰ পৰিস্থিতি নিৰীক্ষণ কৰি ক্ষুব্ধ মুখ্যমন্ত্ৰী। এখন দলঙেৰে যাতায়াতৰ ফলত যাত্ৰীয়ে দুৰ্ভোগ ভোগাৰ বাবে মুখ্যমন্ত্ৰীৰ পৰিস্থিতি পৰ্যৱেক্ষণ। তৎপৰতাৰে তিনিটা শ্বিফ্টত কাম কৰাৰ পৰামৰ্শ সোণোৱালৰ। সম্প্ৰতি দুটা শ্বিফ্টত বনুৱাই কাম কৰি আছে। ‘দ্ৰুতগতিত কাম সম্পূৰ্ণ কৰি ৰাইজৰ সুবিধাৰ্থে অতি সোনকালে দলংখন মুকলি কৰি দিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে।’ মুখ্যমন্ত্ৰীয়ে ফেচবুক পেজৰ জৰিয়তে ৰাইজক জনায়।