কোৰোণা ভেকচিনৰ প্ৰথমটো ড’জ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুখ্যমন্ত্ৰী সোণোৱালে ল’লে কোৰোণাৰ ভেকচিন। টুইটাৰযোগেও এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। টুইটাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে – ‘জিএমচিএইচত মই কোভিড ভেকচিনৰ প্ৰথমটো ড’জ ল’লো। এই ভেকচিন নিৰাপদ আৰু কোৰোণা মহামাৰীক পৰাজিত কৰিবলৈ সহায় কৰিব।’ ভেকচিনৰ বাবে যোগ্য সকলোকে কোৰোণাৰ ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী সোণোৱালে।