এই তাৰকাগৃহটো উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমটো 3D তাৰকাগৃহ হ'ব। অত্যাধুনিক সা-সুবিধাৰে সম্পন্ন ৰাজ্যৰ চতুৰ্থটো আৰু প্ৰথমটো ত্ৰিমাত্ৰিক তাৰকাগৃহটোৱে ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনক এক অনন্য মাত্ৰা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আজিৰ অনুষ্ঠানত জয়ন্ত মল্ল বৰুৱা,কেশৱ মহন্ত, অজন্তা নেওগ, ৰঞ্জিত কুমাৰ দাস, চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে প্ৰাক্তন বিধায়ক নাৰায়ণ ডকা আৰু অশোক শৰ্মাৰ উপৰি সীমান্ত শেখৰো উপস্থিত থাকে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়-''সবকা সাথ, সবকা বিকাশ মূলমন্ত্ৰক সাৰোগত কৰি ৰাজ্যখনৰ উন্নয়নৰ লক্ষ্যৰে আজি নলবাৰীত উপ-আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ, উদ্যান শস্য গৱেষণা মহাবিদ্যালয়, সংহত উপায়ুক্ত কাৰ্যালয় পৰিসৰৰ আধাৰশিলা স্থাপনকে ধৰি মুঠ ১২টা প্ৰকল্পৰ শিলান্যাস তথা শুভ উদ্বোধন কৰা হৈছে। মুঠ ৬৮০ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পসমূহে নলবাৰী জিলাৰ ৰাইজৰ আকাংক্ষা বহু পৰিমাণে পূৰণ কৰিবলৈ সক্ষম হ’ব বুলি মই দৃঢ়বিশ্বাসী৷"