মাজুলীত ৰাস চালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সত্ৰনগৰী মাজুলীত কেইবাখনো ৰাসস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে উপভোগ কৰিলে ৰাসৰ আনন্দ। ৰাস মহোৎসৱ উপলক্ষে মাজুলীৰ জেংৰাইমুখ ৰাসোৎসৱত মঞ্চস্থ হোৱা শ্ৰীশ্ৰী কৃষ্ণলীলা উপভোগ কৰি অভিভূত হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী। ভক্তি আৰু উৎসৱৰ মহামিলনৰ সেতুস্বৰূপ ৰাসোৎসৱৰ নানন্দিক পৰিৱেশে মন–প্ৰাণ পুলকিত কৰি তুলিলে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মাজুলীৰ গড়মূৰ সত্ৰতো মঙলবাৰে উপস্থিত হৈ বংশীগোপাল নাট্য মন্দিৰত পৰিৱেশন কৰা স্বাধীনতা সংগ্ৰামী, প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীশ্ৰীপীতাম্বৰ দেৱগোস্বামী প্ৰভু ৰচিত 'শ্ৰীশ্ৰীকৃষ্ণলীলা' নাট উপভোগ কৰে মুখ্যমন্ত্ৰীয়ে। আনহাতে, মাজুলীৰ শ্ৰীশ্ৰীবেঙেনাআটী সত্ৰত আয়োজন কৰা শ্ৰীশ্ৰীৰাস মহোৎসৱতো উপস্থিত থাকে হিমন্ত বিশ্ব শৰ্মা। ৰাস মহোৎসৱৰ আনন্দময় মুহূৰ্তত সত্ৰত সেৱা আগবঢ়াই সকলোৰে মংগল কামনা কৰে। ইফালে, শৰৎ পূৰ্ণিমাৰ বিতোপন পৰিৱেশৰ মাজত উদযাপিত শ্ৰীশ্ৰীৰাস মহোৎসৱ উপলক্ষে মাজুলীৰ শ্ৰীশ্ৰীচামগুৰি সত্ৰতো উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। সত্ৰখনৰ ৰংগমঞ্চত পৰিৱেশন হোৱা 'অঘাসুৰ বধ' আৰু 'বকাসুৰ বধ' নামৰ মুখা ভাওনা দুখন উপভোগ কৰে মুখ্যমন্ত্ৰীয়ে। ইফালে, মাজুলীৰ শ্ৰীশ্ৰীগড়মূৰ সত্ৰত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে আয়োজন কৰা চিত্ৰ প্ৰদৰ্শনীতো উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেৱা আৰু সুশাসনেৰে আৰম্ভ কৰা বিকাশৰ যাত্ৰাৰ লগতে স্বাধীনতাৰ ইতিহাসক প্ৰদৰ্শনীখনিত সুন্দৰকৈ দাঙি ধৰিছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।