প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ পুত্ৰ নৱাৰুণ গোহাঁইৰ বিবাহ উপলক্ষে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নগাঁৱত উপস্থিত হয়। বিজেপিৰ জ্যেষ্ঠ নেতা গোহাঁয়ে পুত্ৰৰ বিয়াৰ বাবে বিজেপিৰ লগতে অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী-বিধায়কক নিমন্ত্ৰণ জনাইছিল সেয়ে নিমন্ত্ৰণ ৰক্ষা কৰি মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী আৰু শশীকান্ত দাস। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই বিষয়ে সামাজিক মাধ্যমত জানিবলৈ দি প্ৰকাশ কৰে যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসম খাদ্য, অসামৰিক যোগান নিগমৰ অধ্যক্ষ ৰাজেন গোহাঁইৰ পুত্ৰৰ শুভ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ আনন্দিত হৈছে৷ মুখ্যমন্ত্ৰীয়ে লগতে দৰা-কইনাক শুভেচ্ছা জনাই লিখে- ''যুগ্ম জীৱনৰ আৰম্ভণিৰ এই শুভক্ষণত মৰমৰ নৱাৰুণ আৰু তেওঁৰ জীৱনসংগী অংশুলৈ অযুত শুভেচ্ছা আৰু স্নেহাশিস জ্ঞাপন কৰিলোঁ৷''