অসম চৰকাৰে অহা ২৩ আৰু ২৪ নৱেম্বৰ তাৰিখে দিল্লীৰ বিজ্ঞান ভৱনত বীৰ লাচিত বৰফুকনৰ বছৰজোৰা ৪০০ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানৰ বিভিন্ন হ'ৰ্ডিং আৰু বেনাৰ নতুন দিল্লীৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে । নতুন দিল্লীৰ বিমান বন্দৰতো এই অনুষ্ঠানৰ হ'ৰ্ডিং, ডিচপ্লে আৰু বেনাৰ আদি দেখিবলৈ পোৱা গৈছে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বীৰ লাচিত বৰফুকনৰ পৰাক্ৰমৰ কাহিনী সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ ফলস্বৰূপেই ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে যোৰহাটৰ হোলোংপাৰত লাচিত বৰফুকনৰ মৈদাম থকা অঞ্চলত বীৰ লাচিতৰ ১৫০ ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তি আৰু যুদ্ধ সংগ্ৰহালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল।
লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ বছৰজোৰা কেইবালানি কাৰ্যসূচীৰ অংশ হিচাপে সেই সময়ৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কামৰূপ জিলাৰ আলাবৈত বীৰ লাচিত বৰফুকন আৰু তেওঁৰ শ্বহীদ সৈনিকসকলৰ স্মৃতিত যুদ্ধ সংগ্ৰহালয় নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰিছিল। মহাবীৰগৰাকীৰ বছৰজোৰা জয়ন্তীৰ অন্যতম কাৰ্যসূচী হিচাপে ৰাজ্য চৰকাৰে জিলাই জিলাই লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰাৰ লগতে প্ৰত্যেকখন জিলাতে উপায়ুক্তসকলৰ নেতৃত্বত আড়ম্বৰপূৰ্ণভাৱে 'লাচিত দিৱস'ৰ সৈতে সংগতি ৰাখি বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ ব্যৱস্থা কৰিছে।
ৰাজ্য চৰকাৰে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ বছৰযোৰা কাৰ্যসূচীৰ সামৰণিৰ মূল অনুষ্ঠান নতুন দিল্লীত পাতিবলৈ মনস্থ কৰি অহা ২৩ আৰু ২৪ নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে । এই অনুষ্ঠানলৈ অসম চৰকাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক নিমন্ত্ৰণ জনাইছে।