মেঘালয়ৰ শ্বিলঙত মমবাতি প্ৰজ্বলন জনতাৰ। অসম–মেঘালয় সীমান্তত হোৱা সংঘাতত মেঘালয়ৰ ৫জন লোক নিহত হোৱা ঘটনাৰ বাবে এই মমবাতি প্ৰজ্বলন। একাংশ লোকে বাৰিক পইণ্টত আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাৰ খবৰ। মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ প্ৰধান ব্যৱসায়িক আৰু পৰ্যটনস্থলী পুলিচ বজাৰত ব্যৱসায়িক প্ৰতিষ্ঠান বিয়লিৰ পৰা বন্ধ ৰাখে ব্যৱসায়ীসকলে। অসম–মেঘালয় সীমান্তত সংঘটিত ৰক্তাক্ত ঘটনাত নিহত হৈছিল মেঘালয়ৰ ৫জন লোক।