পৰ্যটকক আদৰিবলৈ সাজু হৈছে বাক্সাৰ অন্যতম পৰ্যটনস্থলী দ্বাৰাগাঁও৷ বাক্সা জিলাৰ ভাৰত- ভূটান সীমান্তত অৱস্থিত উত্তৰ- পূৰ্বাঞ্চলৰ দ্বিতীয়খন শ্বিলং হিচাপে খ্যাত দ্বাৰাগাঁৱক ইতিমধ্যে সজাই পৰাই তুলিছে৷ ভূটান পাহাৰৰ সেউজ সমতলত অৱস্থিত তথা দিৰিং নদীৰ কুলু কুলু শব্দৰে মুখৰিত দ্বাৰাগাঁৱত এইবাৰ মনোৰঞ্জনৰ বাবে নতুনকৈ সংযোজিত কৰিছে জীপ লাইন৷ দ্বাৰাগাঁও দিৰিং ট্যুৰিজিম কো- অপাৰেটিভ ছ’চাইটীৰ উদ্যোগত তথা কেনৰী এডভেঞ্চাৰ ক্লাবৰ সহযোগত এইবাৰ জীপ লাইনৰ লগতে পৰ্যটনস্থলী দ্বাৰাগাঁৱত টায়াৰ নেট, টায়াৰ বান্ধ, শ্বুটিঙৰ লগতে হৰ্ছ ৰাইডিঙৰ ব্যৱস্থাও কৰিছে৷ যাৰ দ্বাৰা দ্বাৰাগাঁৱলৈ অহা বনভোজকাৰী তথা পৰ্যটকসকলে এক নতুন আনন্দ লাভ কৰিবলৈ সক্ষম হ’ব৷ দেওবাৰে আনুষ্ঠানিকভাৱে জীপ লাইন আৰু টায়াৰ নেট উদ্বোধন কৰে বিটিচি পৰিষদৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই৷ উদ্বোধনী অনুষ্ঠানত দুয়োটা স্বেচ্ছাসেৱী সংগঠনৰ বিষয়ববীয়াৰ লগতে মুছলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী উপস্থিত আছিল৷