

৬৯ দিন সম্পূৰ্ণ হোৱাৰ পিছতো জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই। তথাপিও অইল ইণ্ডিয়া লিমিটেডে জুই নুমুৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বাঘজান BGR ৫ নং তৈলখাদত ২৭ মে’ৰ অভিশপ্ত দিনটোতে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল আৰু সম্পূৰ্ণ বাঘজান অঞ্চলত প্ৰাকৃতিক গেছ আৰু তেল নিৰ্গত হৈ ভয়াবহ পৰিস্থিতি হোৱা পৰিলক্ষিত হৈছিল।


গাওঁবাসীৰ মাজত আতংকৰ সৃষ্টি হৈছিল। এই বিস্ফোৰণৰ ফলত সমগ্ৰ বাঘজান প্ৰাকৃতিক পৰিৱেশ দূষিত হৈ পৰিছিল আৰু তিনিচুকীয়া জিলা খনলৈ এক ভাবুকি নামি আহিছিল। বিশেষকৈ সমীপৰ ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰী- মতাপুং বিললৈ প্ৰৱল ভাবুকি নামি আহিছিল। ৯ জুন তাৰিখে সেই অভিশপ্ত খাদটোত হঠাতে জুইৰ সূত্ৰপাত ঘটে আৰু পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰে।


এই জুই নিৰ্বাপন কৰিবলৈ অইল ইণ্ডিয়া, অ'এন জি চি, বৰোদাৰ পৰা অহা বিশেষজ্ঞৰ দল,অগ্নি নিৰ্বাপক বাহিনী ইত্যাদিয়ে চেষ্টা চলাইছিল, কিন্তু জুই নিৰ্বাপন কৰিবলৈ বিফল হোৱাত ঘটনা সংঘটিত হোৱাৰ ১৩ দিনৰ দিনা বিস্ফোৰিত তৈলখাদত জুই নিৰ্বাপনৰ বাবে বাঘজানত উপস্থিত হয় চিংগাপুৰত কৰ্মৰত Alert Disaster Control নামৰ কানাডাৰ কোম্পানীটোৰ বিশেষজ্ঞ অভিযন্তাৰ ৬ জনীয়া দল।


চিংগাপুৰৰ পৰা অহা বিশেষজ্ঞৰ দলটোৱে প্ৰতি দিনে তৈল খাদটো পৰিদৰ্শন কৰে আৰু নতুন নতুন পৰিকল্পনাৰ কাম অব্যাহত ৰাখে। এই ঘটনা সংঘটিত হোৱাৰ পিছত ৭ জুলাইত জুই নিৰ্বাপিত হব বুলি অইল ইণ্ডিয়াই এটা দিন নিৰ্ধাৰিত কৰিছিলে কিন্তু কিছু বতৰৰ খেলিমেলি তাৰ লগতে দুই এটা কাম সম্পূৰ্ণ নোহোৱাৰ বাবে ৭ জুলাইৰ পৰিৱৰ্তে ১১ জুলাই দিনটো জুই নিৰ্বাপনৰ সময়সীমা হিচাপে ঘোষণা কৰে।


নিৰ্ধাৰিত দিনটোত ১০০ শতাংশৰ ভিতৰত ৯০ শতাংশ কাম সম্পূৰ্ণ হোৱা বুলিও অইল ইণ্ডিয়াই জানিব দিছিল। কিন্তু সফলতা নাহিল। ইয়াৰ পিছতে হঠাৎ ১৮ জুলাইত বাঘজান কাণ্ডত ক্ষতিগ্ৰস্ত হৈ কোনো ধৰণৰ সা–সুবিধা নোপোৱাৰ ফলত সংঘটিত হয় এক কৰুণ ঘটনা। বাঘজান গাঁৱৰ নিৱাসী শুক্লেশ্বৰ নেওগ(৪৫) নামৰ ব্যক্তিজনে বিহ পান কৰি মৃত্যুক সাৱটি লয়। এই ঘটনাই পুনৰ উত্তপ্ত কৰি তোলে বাঘজান।


ইয়াৰ মাজতে জুই নিৰ্বাপনৰ সকলো কাম সম্পূৰ্ণ হোৱাৰ পিছত হঠাতে ২২ জুলাইৰ দিনটোত বাঘজানত পুনৰ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। প্ৰায় দুমাহ ধৰি ভয়াবহ ভাবে জ্বলি থকা অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই থকা সময়তেই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। বিদেশী বিশেষজ্ঞ সহ এটা বৃহৎ দলে কাম কৰি থকা অবস্থাত পাইপ বিস্ফোৰন হৈ সকলো চিটিকি পৰে। লগতে সমগ্ৰ অঞ্চলটোত পুনৰ তীব্ৰ চাঞ্চল্য সৃষ্টি হয়।কেইবাজনো বিদেশী বিশেষজ্ঞ আহত হ’ব লগা হয়। বিস্ফোৰণত আমেৰিকাৰ এন্থনী ষ্টেভেন ৰেনল্ড আৰু ডৰ্গছ ডৰ্লাছ, ছিংগাপুৰৰ ক্ৰেগনিল ডানকেনসহ চাৰিজনক লগে লগে ঘটনা স্হলীৰ পৰা ডিব্ৰুগড়ৰ আস্থা হস্পিটেলত চিকিৎসাধীন কৰাবলগীয়া হয়।


আনহাতে বহুতো লোকে মিলি কাম কৰি থকাৰ সময়তে হঠাৎ হোৱা বিস্ফোৰণত সকলো চিটিকি পৰে। ডিব্ৰুগড়ত প্ৰাথমিক চিকিৎসা কৰোৱাৰ পাছত আটাইকেইজনকে ডুলিয়াজানৰ অইল হস্পিটেললৈ লৈ যোৱা হয়। ইফালে জুই নিৰ্বাপনৰ সময়ত হ'ব পৰা যিকোনো ধৰণৰ বিপদৰ লগত মোকাবিলা কৰিবলৈ অইলক সহযোগ কৰিছে ভাৰতীয় সেনাৰ লগতে বায়ুসেনাৰ এটা দলে।


এই সমগ্ৰ প্ৰক্ৰিয়াৰ মাজতে তৈল খাদৰ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্তক উচিত ক্ষতিপূৰণ দিয়াৰ বাবে অইল , জিলা প্ৰশাসন আৰু বাঘজান মিলনজ্যোতি যুৱক সংঘৰ বৈঠকৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰে গাঁওবাসীয়ে। জিলা প্ৰশাসন আৰু অইলৰে হোৱা বৈঠকত কোনোধৰণৰ সদুত্তৰ লাভ নকৰাৰ পিছতে ক্ষোভিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লগতে গাঁওবাসীয়ে। অতিশীঘ্ৰে অগ্নি নিৰ্বাপন কৰি আৰু অঞ্চলবাসীক উচিত ক্ষতি পূৰণ দিবলৈ আহ্বান জনায়।


এফালে অহৰহ জ্বলি আছে বাঘজানৰ তৈলখাদৰ জুই আনফালে গাওঁবাসীৰ ক্ষোভৰ জুই। এই পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান তৈল খাদৰ ওচৰে পাজৰে আৰক্ষী আৰু সেনা বাহিনী মোতায়েন কৰি দিয়া হৈছে যাতে কোনো ধৰণৰ ঘটনা সংঘটিত নহয়। বিশেষজ্ঞৰ দলটোৱে বিগত ২ মাহ ধৰি যি জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া চলাই আছিল সেই জুই নিৰ্বাপনৰ এটাই অন্তিম শেষ উপায় আছিল BOP স্থাপন অৰ্থাত (Blow Out Preventer)। তিনি হাজাৰ ফুট গভীৰ সুৰুঙাৰে যি জুই নিৰ্গত হৈ আছে সেই জুই নিৰ্বাপন কৰিবলৈ বি ও পি স্থাপন কৰিব লাগিব বুলি জানিব দিয়ে আৰু ইতিমধ্যে আৰম্ভ হৈছিল BOP স্থাপনৰ অন্তিম প্ৰক্ৰিয়া।


কিন্তু ৩১ জুলাইতবাঘজানৰ তৈলখাদৰ জুই নিৰ্বাপনৰ প্ৰথম আৰু অন্তিম প্ৰচেষ্টাত বিফল হোৱা দেখা গল অইল কৰ্তৃপক্ষক । ৩১ জুলাইৰ পৰা পাঁচ নং তৈলখাদৰ অগ্নি নিৰ্বাপনৰ শেষ প্ৰস্তুতি চলাইছিল যদিও BOP স্থাপনৰ সময়তে সংঘটিত হৈছে আন এক অঘটন আৰু শেহতীয়া ভাৱে অগ্নি নিৰ্বাপনৰ বাবে স্থাপন কৰিবলৈ লোৱা BOP ৰ ওজনতকৈ BOP স্থাপনৰ বাবে ব্যৱহাৰ কৰা ক্ৰেং খনৰ বহন ক্ষমতা কম হোৱাৰ বাবেই ক্ৰেং খন বাগৰি পৰে আৰু ক্ৰেং খন বাগৰি পৰাৰ পিছতে বাঘজানৰ অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰত পুনৰ অনিশ্চয়তাই দেখা দিছে।


এই অভিশপ্ত খাদটোত যেন বিপদে লগ নেৰা হৈছে কিয়নো ২ আগষ্টৰ দিনা পুনৰ সংঘটিত হৈছে এক অঘটন। বাঘজানৰ পথাৰত আকৌ জুইৰ লেলিহান শিখা । তৈলখাদৰ পৰা প্ৰায় ২০০ মিটাৰ আতঁৰত অকস্মাতে সংঘটিত হ'য় এক অগ্নিকাণ্ড। কোনোবা দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে বনৰ আৱৰ্জনা। এই ঘটনাক কেন্দ্ৰ কৰি আতংকিত গাঁওৰ ৰাইজ। কিন্তু ঘটনা স্থলীত আৰক্ষী উপস্থিত থাকে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এতিয়া সকলোৰে প্ৰশ্ন এটাই যে কেতিয়া নিৰ্বাপন হব বাঘজানৰ জুই আৰু কেতিয়া শেষ হ’ব বাঘজান বাসীৰ দীৰ্ঘদিনীয়া বিপত্তি।