বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ বিয়োগে সকলোকে জোকাৰি গ’ল। দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল অভিনেতা গৰাকী। অৱশেষত নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ অভিনেতা গৰাকীৰ। চিৰসেউজ অভিনেতাগৰাকীৰ অভিনয়ৰ প্ৰতিভাই সকলোকে বিস্ময়বিমুগ্ধ কৰি ৰাখিছিল। তেখেতৰ বিয়োগৰ লগে লগে অসমীয়া চিনেমালৈ নামি আহিল অজান শূন্যতা। ডক্তৰ বেজবৰুৱা,মৰিচীকা,গানে কি আনে আদি বহুকেইখন অসমীয়া ছবিৰ লগতে ধাৰাবাহিকতো অভিনয় কৰিছিল নিপন গোস্বামীয়ে। অসমীয়া ছবি জগতত বহুখিনি অৱদান আগবঢ়াই থৈছে অভিনেতা নিপন গোস্বামীয়ে। তেখেতৰ মৃত্যু অসমীয়া ছবিজগতৰ বাবে বৃহৎ ক্ষতি।