নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিৰোধ নকৰাৰ কাৰণে ছচিয়েল মিডিয়াত একাংশই প্ৰশ্ন কৰাৰ পিছতে স্থিতি স্পষ্ট কৰিলে বৰষা ৰাণী বিষয়াই। ধর্মৰ ভিত্তিত কোনো নাগৰিকত্ব সংশোধনী বিধেয়ক নানিবা। কেবৰ জৰিয়তে আমাৰ ভাষা–সংস্কৃতি ধ্বংস কৰাৰ ভাৰ লৈ ৰাইজৰ চকুত খলনায়ক হ’ব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি মন্তব্য বৰষাৰ।
জুবিন গাৰ্গৰ ‘মিছন চাইনা’ ছবিৰ জৰিয়তে ছবিজগতত ভুমুকি মৰা অভিনেত্ৰী, গায়িকা দীপলীনা ডেকাই কেবৰ বিৰুদ্ধে মুকলিকৈ বিৰোধ প্ৰকাশ কৰিছে। ফেচবুকৰ জৰিয়তে দীপলীনাই অসমবাসীক জাতিধ্বংসী বিধেয়ক কোনো পধ্যেই মানি ল’ব নোৱাৰি বুলি কয়। অসমীয়া ভাষা–সংস্কৃতি বিপন্ন হোৱা কোনো সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ তেওঁ অনুৰোধ কৰে।