উল্লেখযোগ্য যে মানুহৰ চুলি আৰু নখৰ দৰেই কেৰটিন নামৰ পদাৰ্থবিধ গঁড়ৰ খৰ্গত থকাৰ পিছতো কেৱল অন্ধবিশ্বাসৰ বাবেই বছৰ বছৰ ধৰি গঁড় হত্যাৰ দৰে দৰে ঘৃণনীয় ঘটনা সংঘটিত হৈ আহিছে ৷ আনকি, জীৱিত অৱস্থাতো গঁড় হত্যা কৰি খৰ্গ কাটি চোৰাং চিকাৰী উধাও হোৱাৰ বহু ঘটনা সংঘটিত হৈছে ৷ ইয়াৰ মাজতে বিগত সময়ছোৱাত উদ্ধাৰ হোৱা গঁড়ৰ খৰ্গ দাহ কৰাৰ ব্যৱস্থা কৰি সজাগতা সৃষ্টিৰ জৰিয়তে গঁড় সুৰক্ষাৰ অন্যতম পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷