ঘৰখন, পৰিয়াল আৰু সমাজে মানি নললে দুই সমকামী যুৱকৰ সম্পৰ্ক। শেষত দুয়োজন যুৱকে একেলগে ত্যাগ কৰিলে জীৱন। এজনৰ নাম ব্ৰজেন ঠাকুৰীয়া, ঘৰ পাঠশালাত। আনজনৰ নাম অংকুৰ, ঘৰ বাক্সাত। দীৰ্ঘদিন ধৰি দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু দুয়োজন যুৱকৰ এই সম্পৰ্ক মানি লোৱা নাছিল দুয়োখন ঘৰে। ফলত দুয়োজন যুৱকে চৰম মানসিক অশান্তিত দিন পাৰ কৰিছিল। আৰু শেষত ছুইছাইড নোট লিখি দুয়োজনে শেষ কৰিলে জীৱন। ছুইছাইট নোটত প্ৰত্যেক শাৰী বাক্যত ব্ৰজেনে বাৰে বাৰে মুনু বুলি সম্বোধন কৰিছিল অংকুৰক। আনকি যি তেওঁলোকৰ সম্পৰ্কত হেঙাৰ হৈছিল তেওঁলোকৰ উচিত শাস্তিও পোষকতা কৰে অংকুৰে। পোন্ধৰ দিনৰ আগত অংকুৰৰ মাকৰ মৃত্যু ঘটিছিল আৰু পৰিয়ালৰ লোকে মাকৰ মৃত্যুৰ কাৰণো তেওঁলোকৰ এই সম্পৰ্ক বুলিয়েই কৈছিল সকলোৱে। আৰু শেষত দুখ সহ্য কৰিব নোৱাৰি দুয়োজনে একেলগে জীৱন ত্যাগ কৰিলে। কাৰণ এজনে নোৱাৰে আনজনক এৰি থাকিব।