

প্ৰায় ৫টাকৈ দশক অসমৰ ৰাজনীতিত দপদপাই থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান। প্ৰায় দুমাহৰ পূৰ্বে কোৰোণাত আক্ৰান্ত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে। ১৯৩৪ চনৰ ১১ অক্টোবৰত শিৱসাগৰৰ ৰঙাজান চাহ বাগিচাত জন্মগ্ৰহণ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আছিল আধুনিক অসমৰ অন্যতম স্ৰষ্টা।


প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম এটা টাই আহোম পৰিয়ালত হৈছিল। গগৈৰ দেউতাক ডা০ কমলেশ্বৰ গগৈ আছিল ৰঙাজান চাহ বাগিচাৰে চিকিত্সক। তৰুণ গগৈৰ মাতৃৰ নাম আছিল উষা গগৈ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ঘৰুৱা নাম আছিল পোনাকণ। প্ৰাথমিক শিক্ষা ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত আৰম্ভ কৰা তৰুণ গগৈয়ে যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। পিছত যোৰহাটৰ যগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা তৰুণ গগৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে।<span style="color: #333333; font-size: 1rem;"> </span>


১৯৭২ চনৰ ৩০ জুলাইত ডলী গগৈৰ সৈতে বিবাহ পাশত আবদ্ধ হয় তৰুণ গগৈ। গগৈৰ দুটি সন্তান। কন্যা চন্দ্ৰীমা গগৈ, পুত্ৰ গৌৰৱ গগৈ ।


১৯৭১ চনত তৰুণ গগৈ প্ৰথমবাৰলৈ যোৰহাট সংসদীয় সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। যোৰহাট সমষ্টিৰ পৰা একেৰাহে ছবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা তৰুণ গগৈয়ে পৰৱৰ্তী সময়ত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হয়। পিছত অসমৰ মুখ্যমন্ত্ৰী হোৱাত কলিয়াবৰ আসনখনৰ পৰা তৰুণ গগৈৰ ভাতৃ দ্বীপ গগৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।


১৯৭৬ চনত তৰুণ গগৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয়। পৰৱৰ্তী সময়ত পি ভি নাৰাসিমহা ৰাওৰ চৰকাৰৰ দিনত তৰুণ গগৈয়ে কেন্দ্ৰীয় খাদ্য মন্ত্ৰী হিচাপেও সেৱা আগবঢ়ায়।


অসম গণ পৰিষদৰ প্ৰথম কাৰ্যকালৰ সময়ত অৰ্থাত্ কংগ্ৰেছৰ একেবাৰে বেয়া সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্ব দিয়া হয়। ১৯৮৬ৰ পৰা ১৯৯০ লৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে সেৱা আগবঢ়াই তৰুণ গগৈয়ে। পৰৱৰ্তী সময়ত ১৯৯৬ চনত আকৌ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হয় তৰুণ গগৈ।


১৯৯৬ চনত তৰুণ গগৈ প্ৰথমবাৰলৈ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়। পৰৱৰ্তী সময়ত ২০০১ৰ পৰা মৃত্যু পৰ্যন্ত তিতাবৰ সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল তৰুণ গগৈয়ে।


২০০১ চনত তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। আৰু ২০১৬ চনলৈকে একেৰাহে ১৫ বছৰ মুখ্যমন্ত্ৰী হিচাপে সেৱা আগবঢ়ায়। তৰুণ গগৈক বহুতে আধুনিক অসমৰ স্ৰষ্টা বুলিয়েই অভিহিত কৰে। অগপ চৰকাৰৰ দিনৰ সন্ত্ৰাসজৰ্জৰ অসমত শান্তিৰ এক বাতাবৰণ তৰুণ গগৈৰ দিনতে আৰম্ভ হয়। আনকি চৰকাৰী কৰ্মচাৰীৰ নিয়মিয়া দৰমহা প্ৰদান তৰুণ গগৈ চৰকাৰৰ আন এক উল্লেখযোগ্য সাফল্য। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালতে অসমৰ ৰাস্তাঘাট, দলং নিৰ্মাণ, শিক্ষা, স্বাস্থ্য, নিয়োগ আদি সৰ্বদিশতে দোপতদোপে আগবাঢ়ি যায়।