নিমাতীঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাত কিমানজন লোক সন্ধানহীন হৈ আছে তাৰ সঠিক তথ্য এতিয়ালৈ লাভ কৰা হোৱা নাই। ইতিমধ্যে নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে মাজুলীৰ ৰঙাচাঁহি মহাবিদ্যালয়ৰ প্ৰৱক্তা পৰিমিতা দাসে। কৰ্মসূত্ৰে মাজুলীত থকা পৰিমিতাৰ ঘৰ গুৱাহাটীৰ কাহিলীপাৰাত। এতিয়াও ব্ৰহ্মপুত্ৰৰ বুকুত চলি আছে ভয়ংকৰ নাও দুৰ্ঘটনাৰ উদ্ধাৰ অভিযান। এনডিআৰএফ বাহিনীয়ে চলাই আছে অভিযান। দুৰ্ঘটনাগ্ৰস্ত নাওখন উদ্ধাৰ কৰা হৈছে ঘটনা সংঘটিত হোৱা স্থানৰ প্ৰায় ডেৰ কিলোমিটাৰ নিলগত। এনডিআৰএফ বাহিনীয়ে নাওখন কাটি টুকুৰা টুকুৰ কৰি উদ্ধাৰ কৰিছে। কিন্তু উদ্ধাৰ কৰাৰ সময়ত নাওখনৰ ভিতৰত নাছিল কোনো যাত্ৰী। নিশা দুৰ্ঘটনাগ্ৰস্ত নাওখন উদ্ধাৰ কৰে এনডিআৰএফ বাহিনীয়ে।