প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন (PM Narendra Modi Birthday) ৷ দেশজুৰি বিজেপিয়ে পালন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ৷ সেৱা আৰু সমৰ্পণৰ মনোভাৱেৰে অসম প্ৰদেশ বিজেপিয়ে ২০দিনীয়াকৈ পালন কৰিছে মোদীৰ জন্মদিন ৷ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে শুকুৰবাৰে পুৱাই পাণবজাৰস্থিত ডন বস্ক' গীৰ্জাত প্ৰাৰ্থনা কৰিলে বিজেপিৰ সংখ্যালঘু মৰ্চাই ৷
ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নৱ নিযুক্ত সভাপতি শান্তিয়াছ কুজুৰৰ নেতৃত্ব যোৱা মৰ্চাৰ বিষয়ববীয়াই দীৰ্ঘায়ু কামনা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ বিজেপিৰ সংখ্যালঘু মৰ্চাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দীৰ্ঘায়ু কামনাৰে পুৱাই গীৰ্জাত কৰা প্ৰাৰ্থনা সভাত ভাগ ল'লে দলটোৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাও ৷
"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আমি ২০দিনীয়াকৈ পালন কৰিবলৈ লৈছো ৷ মোদী ডাঙৰীয়াই কৰা দেশহিতৈষী কামবোৰে আমাক অনুপ্ৰেৰণা যোগাই আহিছে ৷ বিশ্বৰ ভিতৰতে ভাৰতক শ্ৰেষ্ঠ দেশ হিচাপে গঢ়ি তোলাৰ মোদী ডাঙৰীয়াৰ যি সপোন সেই সপোন সাকাৰ হ'ব বুলি আমি বিশ্বাসী ৷ আমি এই ২০টা দিনত সেৱা আৰু সমৰ্পণৰ মনোভাৱেৰে সমাজৰ একেবাৰে শেষৰ ব্যক্তিজনকো স্পৰ্শ কৰাৰ পণ কৰিছোঁ ৷"— ক'লে বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই ৷
অকল গীৰ্জাতে নহয় বিজেপিৰ সংখ্যালঘু মৰ্চাই মোদীৰ জন্মদিন উপলক্ষে শুকুৰবাৰে পুৱা দোৱা মাগিলে আমবাৰীস্থিত বুঢ়া জামে মছজিদতো ৷ প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বংশীগোপাল নামঘৰত প্ৰজ্বলন কৰিলে বন্তি ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কোভিড ভেক্সিনেশ্যনৰ খবৰ লোৱাৰ লগতে নামঘৰ,মন্দিৰত মূৰ দোৱালে প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনাৰে ৷
উল্লেখ্য যে, বিজেপিৰ প্ৰত্যেক মৰ্চা,বুথ,মণ্ডল, জিলা সকলোৱে পালন কৰিব মোদীৰ ২০দিনীয়া জন্মদিন ৷ ইতিমধ্যে প্ৰত্যেক মৰ্চাই সেৱা আৰু সমৰ্পণেৰে কিদৰে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন পালন কৰিব সেই কথা ৰাজহুৱা কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ বাবে অসম প্ৰদেশ বিজেপিয়ে অসমৰ পৰা প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিব শুভেচ্ছা বাৰ্তাৰে ১০লাখ পোষ্ট কাৰ্ড ৷ ইফালে সন্ধ্যা দলটোৰ ৪২লাখ কাৰ্যকৰ্তাক ঘৰে ঘৰে একোগচি বন্তি প্ৰজ্বলনৰ আহ্বান কৰিছে দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷