আজি অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আজিৰ দিনটোতে EVMত বন্দী হ'ব ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীষুয হাজৰিকাৰ ভাগ্য। পত্নী আইমী বৰুৱাৰ সৈতে পুৱাই মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে ভোটদান কৰিবলৈ ওলাই আহে। অভিনেত্ৰী আইমীয়েও ভোটদান সাব্যস্ত কৰি ফটো উঠা দেখিবলৈ পোৱা গ'ল। জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰাকলং প্ৰাৰ্থমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে পীয়ুষ হাজৰিকা আৰু আইমী বৰুৱাই। মন্ত্ৰীগৰাকীয়ে সকলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি গণতন্ত্ৰৰ ভেঁটি শক্তিশালী কৰিবলৈও আহ্বান জনায়।