কণমানি কন্যাক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিনা আঙুৰলতাই দাখিল কৰিলে মনোনয়ন। কন্যাক কোলাত লৈ আৱেগিক হৈ পৰা আঙুৰলতাই নিউজ১৮ অসমক ক'লে, "প্ৰথমে তাইক মই গুৱাহাটীত থৈ আহিম বুলি ভাবিছিলো। কিন্তু তাইক এৰি কেনেকৈ থাকিম। তাই মোৰ বাবে লক্ষী। মোক ইমান সৰুতেই তাই বহুত বুজি পাই। সেয়ে নিৰ্বাচনৰ দিনকেইটা তাই আমনি নকৰাকৈয়ে পাৰ হ'ব।" উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা সমষ্টিসমূহৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিমটো দিনত বটদ্ৰৱাৰ বাবে মনোনয়ন দাখিল কৰে বিধায়িকা আঙুৰলতা ডেকাই। বটদ্ৰৱা সমষ্টিৰ কপাহেৰাৰ পৰা বিশাল সমদলৰে নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন দাখিল কৰিবলৈ যোৱা আঙুৰলতা ডেকাই কয়, "স্বাধীনতাৰ পিছত বিগত ৫ বছৰত বটদ্ৰৱাত সৰ্বাধিক উন্নয়ন হৈছে।’’ অৱশ্যে বটদ্ৰৱাত বিগত সময়ছোৱাত সংস্থাপনৰ ক্ষেত্ৰত আমি কিছু পিছপৰি আছিলো। সেয়ে এইবাৰ সংস্থাপনৰ দিশত অধিক গুৰুত্ব দিম বুলি কয় বিধায়িকাগৰাকীয়ে। আনহাতে, এইবাৰ তেওঁৰ মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে হ'ব বুলি মন্তব্য কৰি আঙুৰলতাই কয়, উন্নয়নৰ বাবেই ৰাইজে বিজেপিক ভোট দিব আৰু বটদ্ৰৱাত বিজেপিৰ জয় নিশ্চিত।