নিজ সমষ্টি শিৱসাগৰলৈ আহিছে বিধায়ক অখিল গগৈ। বিধায়কলৈ এতিয়া অপেক্ষা কৰিছে জনতাই। প্ৰথমবাৰলৈ বিধায়ক হিচাপে অখিল গগৈ উপস্থিত নিজ সমষ্টিত উপস্থিত হৈছে। অখিল গগৈক NIA ৰ বিশেষ আদালতে বৃহস্পতিবাৰে সকলো গোচৰৰ পৰা মুক্ত কৰাৰ লগে লগে শিৱসাগৰ সমষ্টিবাসীয়েও আনন্দ উছাহ প্ৰকাশ কৰিছে । বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অখিল গগৈ শিৱসাগৰত উপস্থিত হৈছে ৷ জাঁজী ৰ পৰা বহু সমৰ্থকে আদৰি আনিছে নৱনিৰ্বাচিত বিধায়ক গৰাকীক। ঐতিহাসিক ৰংঘৰৰ সন্মুখত শিৱসাগৰৰ বিভিন্ন দল সংগঠনে বিধায়ক গৰাকীক সম্বৰ্ধনা জনাবলৈ অপেক্ষা কৰি আছে। ৰংঘৰ চাৰিআলিৰ কাষতে থকা বিধায়ক কাৰ্যালয়ত প্ৰথমে প্ৰবেশ কৰিবহি অখিল গগৈ। বিধায়ক কাৰ্যলয়ৰ চৌহদতে উপস্থিত ৰাইজক উদেশ্যি ভাষণ প্ৰদান কৰিব বিধায়কজনে ৷