ডেৰ বছৰ মূৰত স্বগৃহত পৰিয়ালৰ সৈতে অখিল গগৈ। পত্নী-পুত্ৰক কাষত পাই আৱেগিক হৈ পৰিল কৃসক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। আজি NIAৰ আদালতে মাতৃ আৰু পৰিয়ালৰ লোকক সাক্ষাৎ কৰাৰ বাবে দুদিনৰ বাবে অনুমতি দিছে অখিল গগৈক। (Photo Courtesy : Chinmoy Roy) আদলতৰ অনুমতিৰ পাছতে আজি সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা এছকৰ্টসহ অখিল গগৈ গুৱাহাটীৰ নিজ গৃহলৈ যায়। গান্ধীবস্তীত থকা ঘৰত উপস্থিত হৈ পত্নী গীতাশ্ৰী তামুলী আৰু পুত্ৰ নচিকেতাক আনন্দত সাৱটি ধৰে অখিলে। (Photo Courtesy : Chinmoy Roy) কাইলৈ পুৱা মাতৃ প্ৰিয়দা গগৈক লগ কৰিবলৈ যোৰহাটলৈ যাব অখিল গগৈ। উল্লেখ্য মাতৃ আৰু পৰিয়ালক দেখা কৰিবলৈ NIAৰ আদালতে দুদিনৰ বাবে অনমতি দিছিল অখিল গগৈক। পুত্ৰ নচিকেতাক এবাৰ চাবলৈ আৰু লগ পাবলৈ ব্যাকুল হৈ আছিল কাৰাবন্দী অখিল গগৈ। (Photo Courtesy : Chinmoy Roy) গান্ধীবস্তীত থকা ঘৰত উপস্থিত হৈ পত্নী গীতাশ্ৰী তামুলী আৰু পুত্ৰ নচিকেতাৰ সৈতে আনন্দৰ অনুপম ক্ষণত অখিল গগৈ। (Photo Courtesy : Chinmoy Roy)