দীপাৱলীৰ দিনটো এইবাৰ আঙুৰলতাই নিজৰ জন্মস্থান নলবাৰীত পাৰ কৰে। ফটো শ্বেয়াৰ কৰি আঙুৰলতাই লিখিছে যে- 'বহু বছৰৰ মূৰত এইবাৰৰ দীপাৱলীৰ আনন্দপূৰ্ণ সময়বোৰ মোৰ অতিকৈ আপোন মই জন্মগ্ৰহণ কৰা নলবাৰীৰ ঘৰখনত মোৰ মা-দেউতা প্ৰমুখ্য কৰি পৰিয়ালটোৰ লগত আৰু জন্ম লগ্নৰে পৰা সান্নিধ্য লাভ কৰি অহা আমাৰ ওচৰ-চুবুৰীয়াৰ লগত অতি উলহ মালহেৰে উদযাপন কৰি অত্যন্ত আনন্দিত হওঁ৷ নলবাৰীৰ এই ঘৰ খনতে ল'ৰালি কালত উদযাপন কৰা দীপাৱলীৰ মধুৰ স্মৃতি বোৰো আজি চকুৰ আগত সঁচাকৈয়ে ভাঁহি আহিছে৷'
'ল'ৰালিৰ সেই বিশেষ দিনবোৰ আৰু বৰ্তমানৰ মাজত ব্যৱধান বহু বছৰৰ হলেও, এইবাৰ দীপাৱলীৰ আনন্দ ফুৰ্টিৰ মাজত মা দেউতা প্ৰমুখ্যে আমাৰ পৰিয়ালটো আৰু আমাৰ ওচৰ চুবুৰীয়া চিৰ আপোন মানুহবোৰৰ লগত একাত্ম হৈ ভাৱৰ আদান প্ৰদান কৰি স্মৃতি হৈ ৰোৱা তাহানিৰ সেই সোণোৱালী দিনবোৰ পুনৰ ঘুৰাই পোৱা যেন অনুভৱ হৈছে৷'- এনেদৰে লিখে আঙুৰলতাই।