এই নৃশংস কাণ্ডক কোনো শব্দৰেই ধিক্কাৰ দিব নোৱাৰি। দিনক দিনে বাঢ়িছে নাৰী নিৰ্যাতনৰ পৰা শিশু নিৰ্যাতনৰ ঘটনা। হায়দৰাবাদৰ নৃশংস দলৱদ্ধ বলাৎকাৰ আৰু হত্যাকাণ্ডক লৈ সমগ্ৰ দেশ উত্তাল হৈ থকাৰ সময়ত এনেধৰণৰ ঘটনা ঘটিয়ে আছে। এনে এক নৃশংস বলাৎকাৰ আৰু হত্যাকাণ্ড সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ আলিগড় আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত।
পৈশাচিক কামনাৰ বলি হ’ল এটি কণমানি কন্যা শিশু। যোৱা শণিবাৰে স্কুলৰ এক বিশেষ অনুষ্ঠানলৈ গৈছিল শিশুটি। সেই অনুষ্ঠান চাবলৈ চৰকাৰী স্কুলখনত ওচৰ চুবুৰীয়া একাংশ গঞাও সমবেত হৈছিল। অনুষ্ঠান শেষ হোৱাৰ পিছত তেওঁ ঘৰলৈ ঘুৰি যোৱাৰ কথা আছিল কিন্তু বিয়লি ৩বাজি যোৱাৰ পিছতো ছোৱালীজনী ঘৰলৈ ঘুৰি নোযোৱাৰ কাৰণে শিশু কন্যাটিৰ পৰিয়ালে বিচাৰ–খোচাৰ আৰম্ভ কৰিলে।