মহানগৰীৰ গণেশগুৰিট উদ্ধাৰ হ’ল ৫৬ লাখ টকাৰ পুৰণি নোট। উদ্ধাৰ হোৱা টকাখিনি পুৰণি ৫০০ আৰু ১০০০ টকীয়া। গণেশগুৰিৰ জে বি বেগ কালেকশ্যন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা ক্ৰাইম ব্ৰাঞ্চে উদ্ধাৰ কৰে এই পুৰণি নোটখিনি। ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকী ছাহজাহান আহমেদ। কি কাৰণত এই বৃহৎ পৰিমাণৰ পুৰণি নোট জমা কৰি ৰাখিছিল সেই সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই।