সকলোকে হতভম্ব কৰি তোলা এই বিশেষ অমিতা গছজোপা সন্দৰ্ভত গৃহস্থ জমছেদ আলীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, পুলি অৱস্থাত অমিতা গছজোপা সাধাৰণ অমিতা গছৰ দৰেই লহপহকৈ বাঢ়ি আহে আৰু এটা সময়ত ফল দিবলৈ আৰম্ভ কৰে। সাধাৰণতে এডাল অমিতা গছ ৪-৫ বছৰহে জীয়াই থাকে যদিও এইজোপা অমিতা গছে প্ৰায় ১৫ বছৰ ধৰি নিয়মিত ভাৱে ফল দি আহিছে বুলি জানিবলৈ দিয়ে গৃহস্থই।