உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • খেলপথাৰত ধোনী, গেলেৰীৰ পৰা দেউতাকক মাতিছে কণমানি জীভাই, চাওক ভিডিঅ’

    খেলপথাৰত ধোনী, গেলেৰীৰ পৰা দেউতাকক মাতিছে কণমানি জীভাই, চাওক ভিডিঅ’

    গেলেৰীৰ পৰাই কণমানি জীভাই দেউতাকক জনালে সমৰ্থন। ‘পাপা পাপা’ বুলি চিঞৰি পিতৃক সমৰ্থন জীভাৰ।

    গেলেৰীৰ পৰাই কণমানি জীভাই দেউতাকক জনালে সমৰ্থন। ‘পাপা পাপা’ বুলি চিঞৰি পিতৃক সমৰ্থন জীভাৰ।

    গেলেৰীৰ পৰাই কণমানি জীভাই দেউতাকক জনালে সমৰ্থন। ‘পাপা পাপা’ বুলি চিঞৰি পিতৃক সমৰ্থন জীভাৰ।

    • Share this:
      মঙলবাৰে এজবাষ্টনত চলি আছিল ভাৰত আৰু বাংলাদেশৰ খেল। গেলেৰীত তেতিয়া ভাৰতৰ সমৰ্থকৰ মুখত সামান্য হতাশাৰ ছবি। এটাৰ পিছত এটা উইকেট পতন ভাৰতৰ। শূন্যত আউট হৈ পেভিলিয়নলৈ উভতিছে হাৰ্দিক পাণ্ডিয়া। সেই সময়ত উইকেটত তিস্তি থকাটো প্ৰয়োজন হৈছিল ভাৰতৰ বাবে। সেই সময়ত ক্ৰীজত আছিল মহেন্দ্ৰ সিং ধোনী। ৩৩ বলত ধোনীয়ে ৩৫ ৰান সংগ্ৰহ কৰে যদিও শেষলৈ থাকিব নোৱাৰিলে।

      কিন্তু গেলেৰীত পিতৃৰ খেল চাই আছিল ধোনীৰ কণমানি কন্যা জীভাই। যদিও খেলৰ বিষয়ে একো নাজানে তথাপি পিতৃৰ খেল দেখিলেই আনন্দিত হৈ পৰে জীভা। কণমানি জীভাৰ প্ৰতিটো কাম, গেলেৰীত উপস্থিতি অতি আকৰ্ষণীয়। জীভা ইমানেই মৰমলগা যে তাইৰ যিকোনো ফটো বা ভিডিঅ’ মুহূৰ্তৰ ভিতৰতে ভাইৰেল হয় ছচিয়েল মিডিয়াত।

      মঙলবাৰে এজবাষ্টনত ভাৰত আৰু বাংলাদেশৰ মাজত চলি আছিল গুৰুত্বপূৰ্ণ খেল। খেলখনত ধোনীয়ে বেটিং কৰিবলৈ আহিছিল ৬ নম্বৰত। পাণ্ডিয়া আউট হোৱাৰ পিছতে ধোনী ধোনী শ্লোগানত মুখৰ হৈছিল ষ্টেডিয়াম। বাদ পৰি নৰ’ল কণমানি জীভাও। গেলেৰীৰ পৰাই কণমানি জীভাই দেউতাকক জনালে সমৰ্থন। ‘পাপা পাপা’ বুলি চিঞৰি পিতৃক সমৰ্থন জীভাৰ।



       




      View this post on Instagram





       

      A post shared by ZIVA SINGH DHONI (@ziva_singh_dhoni) on




      First published: