দুমাহ দৰমহা নাই, নেডাৰলেণ্ড আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধেও নিজৰ ধনেৰেই খেলিলে, তথাপিও দেশৰ ক্ৰিকেটক জীয়াই ৰখাৰ স্বাৰ্থত জিম্বাবৱে’ দলে খেলি যাব ক্ৰিকেট!

সিদ্ধান্ত ল’লে বিনা বেতনেৰে জাতীয় দলৰহৈ খেলি যোৱাৰ। দলক জীয়াই ৰখাৰ স্বাৰ্থত নিজৰ ধনেৰেই খেলিব ক্ৰিকেট!

News18-Assam
Updated:July 31, 2019, 4:02 PM IST
দুমাহ দৰমহা নাই, নেডাৰলেণ্ড আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধেও নিজৰ ধনেৰেই খেলিলে, তথাপিও দেশৰ ক্ৰিকেটক জীয়াই ৰখাৰ স্বাৰ্থত জিম্বাবৱে’ দলে খেলি যাব ক্ৰিকেট!
source-Google
News18-Assam
Updated: July 31, 2019, 4:02 PM IST
এটা সময় আছিল, জিম্বাবৱে’ ক্ৰিকেট দল বুলি ক’লেই সতৰ্ক হৈ খেলিছিল অন্যান্য বিশ্বৰ আগশাৰীৰ ক্ৰিকেট দলে। ভাৰতীয় দলকো বিভিন্ন শৃংখলাত পৰাস্ত কৰিছিল জিম্বাবৱে’ দলে। কিন্তু এণ্ডি ফ্লাৱাৰ, গ্ৰেণ্ড ফ্লাৱাৰ, হিট ষ্ট্ৰিক, টাথেণ্ডা টাইবুৰ অৱসৰৰ পিছতে জিম্বাবৱে’ ক্ৰিকেট দল তুলনা মূলক ভাবে দুৰ্বল হৈ পৰিল। এটা সময়ত বিশ্ব ক্ৰিকেটত দপ দপাই থকা জিম্বাবৱে’ দল আজি পাহৰণিৰ গৰ্ভত! বিশ্বকাপ ক্ৰিকেট খেলিবলৈও যোগ্যতা অৰ্জন কৰিব নোৱাৰা হ’ল, টেষ্ট ক্ৰিকেট খেলাৰো যোগ্যতা হেৰুৱালে জিম্বাবৱে’ দলে।

ক্ৰিকেটত ধাৰাবাহিক ভাবে ব্যৰ্থ হোৱাত এতিয়া জিম্বাবৱে’ ক্ৰিকেট বৰ্ডো পৰিছে সমস্যাত। বৰ্তমান খেলি থকা খেলুৱৈ সকলক বৰ্ডে দুমাহ ধৰি দিব পৰা নাই দৰমহা। তথাপিও যেন কোনো ক্ষোভ নাই দলটোৰ খেলুৱৈসকলৰ। নেডাৰলেণ্ড আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে ক্ৰিকেট শৃংখলা নিজৰ খৰচতেই খেলিলে খেলুৱৈসকলে!

Source- Google


এতিয়া দলটোৱে সিদ্ধান্ত লৈছে তেওঁলোকে কোনো ধৰণৰ বেতন নোলাৱাকৈয়ে জাতীয় দলৰ হৈ খেলি যাব ক্ৰিকেট। দেশৰ ক্ৰিকেটক জীয়াই ৰখাৰ স্বাৰ্থতে এই সিদ্ধান্ত লৈছে খেলুৱৈসকলে। জিম্বাবৱে’ ক্ৰিকেট দলৰ এই সিদ্ধন্তক এতিয়া শলাগ লৈছে বিভিন্নজনে। কামনা কৰিছে দলটোৰ হেৰুওৱা গৌৰৱ সোনকালেই উভতি অহাৰ!
আৰু চাওক পৰৱৰ্তী বাতৰি