মহাকাশ যেন এতিয়া বিশ্বৰ আৰবপতিৰ পৰ্যটনৰ কেন্দ্ৰ। ২০২৩ চনত চন্দ্ৰলৈ যাবলৈ টিকট ক্ৰয় কৰা জাপানী কোটিপতি য়ুচাকু মেজাৱা (Billionaire Yusaku Maezawa) আকৌ এবাৰ বাতৰিলৈ আহিছে। য়ুচাকুৱে বুধবাৰে ৰাছিয়াত নিৰ্মিত চুয়োজ কেপচুলৰ (Suyoz capsule made in Russia) জৰিয়তে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত (ISS) উপস্থিত হৈছে। য়ুচাকুৱে ইয়াত ১২ দিন থাকিব আৰু তেওঁৰ প্ৰতিটো অভিজ্ঞতা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব।
৪৬ বছৰীয়া জাপানী কোটিপতি য়ুচাকু ৰিটেইল ফেশ্বন ব্ৰেণ্ড জোজো (fashion brand Zozo) ইনক'ৰ প্ৰতিষ্ঠাপক। তেওঁক পৃথিৱীৰ ফেশ্বন মোগল বুলি জনা যায়। তেওঁ ১৯৯৮ চনত জাপানৰ সৰ্ববৃহৎ অনলাইন শ্বপিং মল আৰম্ভ কৰিছিল। ২০১৯ চনত চিইঅ' পদৰ পৰা পদত্যাগ কৰাৰ পিছত বেছিভাগ সম্পত্তি য়াহু জাপানক বিক্ৰী কৰিছিল।
য়ুচাকুক এজন কলা সংগ্ৰাহক হিচাপেও জনা যায়। তেওঁৰ কোম্পানী ষ্টাৰ্ট টুডেই সংগীত এলবাম আৰু চিডি বিক্ৰীৰ ব্যৱসায় আৰম্ভ কৰিছিল। একেটা কোম্পানীয়ে ক্ৰমান্বয়ে ফেশ্বনৰ ক্ষেত্ৰত আগবাঢ়ি গৈছিল আৰু ই-কমাৰ্চৰ ক্ষেত্ৰত জোজো এটা ডাঙৰ নাম হৈ পৰে। মহাকাশলৈ ১২ দিনৰ বাবে যাত্ৰাৰ (12 day journey in space) আগেও য়ুচাকুৱে তেওঁৰ ৱেবছাইটত মানুহৰ পৰা মতামত বিচাৰিছিল। য়ুচাকুৰ এই ভ্ৰমণৰ বাবে ১০০টা পৰিকল্পনা আছে। ইয়াত অন্তৰ্ভুক্ত আছে কাগজৰ জাহাজ উৰোৱা , টিকটক নৃত্য কৰা, বেডমিণ্টন টুৰ্নামেণ্ট কৰা (play badminton and fly paper ships) আৰু নিজৰ মহাকাশ-যাত্ৰাৰ বিষয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা। তেওঁ আন্তৰ্জাতিক মহাকাশ স্থানৰ পৰা পৃথিৱীলৈ বায়ু স্থানান্তৰ কৰাৰো পৰিকল্পনা কৰিছে।
য়ুচাকুৱে চন্দ্ৰলৈ যোৱাৰ আগতেই তেওঁৰ ভ্ৰমণক লৈ উৎসাহিত। তেওঁ তেওঁৰ টুইটাৰ বায়'ত লিখিছে যে ২০২৩ চনত স্পেচ এক্স ষ্টাৰশ্বিপৰ দ্বাৰা চন্দ্ৰলৈ উৰা মাৰিবলৈ ওলোৱা প্ৰথম নাগৰিক। ভ্ৰমণকালত য়ুচাকু মেজাৱাৰ সৈতে তেওঁৰ প্ৰযোজনা সহযোগী আৰু ভিডিঅ'গ্ৰাফাৰ ইয়োজো হিৰানো উপস্থিত থাকিব, যিয়ে মেজাৱাৰ যাত্ৰাৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিব।
Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।