মোৰ ঠাইত আপুনি থাকিলে ‘হাৰ্ট এটেক’ হ’লহেঁতেন – ক’ত এইদৰে নিজৰ দুখ প্ৰকাশ কৰিলে ইমৰাণ খানে

ইমৰাণ খানৰ কথাত এয়াও স্পষ্ট হৈ পৰিছে যে তেওঁ যি বিচাৰে, বহু সময়ত সেয়াও কৰিব নোৱাৰে।

News18-Assam
Updated:September 25, 2019, 11:24 AM IST
মোৰ ঠাইত আপুনি থাকিলে ‘হাৰ্ট এটেক’ হ’লহেঁতেন – ক’ত এইদৰে নিজৰ দুখ প্ৰকাশ কৰিলে ইমৰাণ খানে
Photo : bdnews24.com
News18-Assam
Updated: September 25, 2019, 11:24 AM IST
পাকিস্তানৰ প্ৰধানমন্ত্ৰী হোৱাটো সহজ কথা নহয়। এই কথা ক’লে খোদ প্ৰধানমন্ত্ৰী ইমৰাণ খানে। ইমৰাণ খানৰ মতে তেওঁ ইমানে সমস্যাত পৰিছে যে তেওঁৰ ঠাইত আন কোনোবা হ’লে হাৰ্ট এটেক হ’লহেঁতেন। ইমৰাণ খানৰ কথাত এয়াও স্পষ্ট হৈ পৰিছে যে তেওঁ যি বিচাৰে, বহু সময়ত সেয়াও কৰিব নোৱাৰে। পাকিস্তানী প্ৰধানমন্ত্ৰীগৰাকীয়ে কাউন্সিল অৱ ফৰেইন ৰিলেশ্যন এফেয়াৰ্ছৰ কাৰ্যসূচীত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে।

পাকিস্তানী সংবাদ মাধ্যমত প্ৰকাশিত ৰিপ’ৰ্ট অনুসৰি, পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানে উক্ত কাৰ্যসূচীত এংকৰৰ সৈতে কথা–বতৰাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় – মই কি কৰিম, এফালে আফগানিস্তানৰ সমস্যা চলি আছে। ইৰানৰ সমস্যা চলি আছে, চীনো বিৰক্ত। এতিয়া ভাৰতৰ সৈতেও সমস্যা আৰম্ভ হৈছে। এনে অৱস্থাত মোৰ ঠাইত আপুনি থাকিলে আপোনাৰ হাৰ্ট এটেক হৈ গ’লহেঁতেন।

ইমৰাণ খানে কয় – পাকিস্তানৰ সন্মুখত ইমানে প্ৰত্যাহ্বান আহি পৰিছে যাক লৈ মই সমস্যাত পৰিছো। ক্ৰিকেট খেলত শিকা কঠিন আৰু কঠোৰ পৰিশ্ৰমৰ বাবেহে ঠিকে আছো। খেলৰ পৰা পোৱা শিক্ষাৰ দ্বাৰা দৃঢ়তাপূৰ্ণ প্ৰত্যাহ্বানৰ মুখামুখি হোৱা আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰি আছো।


পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চীন আমাৰ বাবে প্ৰগতিৰ উদাহৰণ। চীনে কোটি কোটি জনতাক দৰিদ্ৰতাৰ পৰা বাহিৰলৈ আনিছে। যদি মোৰ ওচৰতো তেওঁলোকৰ দৰে আদেশ জাৰি কৰাৰ শক্তি থাকিলহেঁতেন, তেন্তে ময়ো দেশৰ পৰা দৰিদ্ৰতা আৰু ভ্ৰষ্টাচাৰ শেষ কৰিলোহেঁতেন।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি