যেতিয়া বাঁহ–বনেৰে নিৰ্মিত নাৱেৰে খৰস্ৰোতা নৈ পাৰ হৈছিল মোদীয়ে..., কি কৈছিল বিয়েৰ গ্ৰিলছে?

গ্ৰিলছে মোদীক কয় – মই ভাৱো আজিলৈ কোনো প্ৰধানমন্ত্ৰীয়ে এনেধৰণৰ নাৱত উঠিছে। ১০০ বছৰত কোনো প্ৰধানমন্ত্ৰীয়ে এনেকুৱা কাম কৰিছে।

News18-Assam
Updated:August 13, 2019, 10:19 AM IST
যেতিয়া বাঁহ–বনেৰে নিৰ্মিত নাৱেৰে খৰস্ৰোতা নৈ পাৰ হৈছিল মোদীয়ে..., কি কৈছিল বিয়েৰ গ্ৰিলছে?
গ্ৰিলছে মোদীক কয় – মই ভাৱো আজিলৈ কোনো প্ৰধানমন্ত্ৰীয়ে এনেধৰণৰ নাৱত উঠিছে। ১০০ বছৰত কোনো প্ৰধানমন্ত্ৰীয়ে এনেকুৱা কাম কৰিছে।
News18-Assam
Updated: August 13, 2019, 10:19 AM IST
ডিস্ক’ভাৰী চেনেলৰ জনপ্ৰিয় শ্ব’ ‘মেন ভাৰ্ছেছ ৱাইল্ড’ত দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। এই বিশেষ শ্ব’টো ১২ আগষ্ট অৰ্থাৎ সোমবাৰে বিশ্বৰ ১৮০খন দেশত সম্প্ৰচাৰ হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিয়েৰ গ্ৰিলছে এই অনুষ্ঠানৰ বাবে উত্তৰাখণ্ডৰ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানলৈ গৈছিল আৰু অটব্য অৰণ্যৰ মাজত আৰম্ভ কৰিছিল অভিযান। এই শ্ব’ক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় – মোৰ জীৱনলৈ এক এনেকুৱা সময় আহিছিল যেতিয়া মই জংঘলত থকাৰ সুবিধা পাইছিলো।

শ্ব’টোত এনে এক সময় আহে য’ত বিয়েৰ গ্ৰিল্ছ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে এখন নদী পাৰ হ’বলগা হৈছিল। ইয়াৰ বাবে গ্ৰিলছে বাঁহ–বন আৰু পলিথিনেৰে এখন নাও তৈয়াৰ কৰিছিল। নাওখন তৈয়াৰ কৰাৰ পিছত বিয়েৰ গ্ৰিলছৰ মনত ভৰসা নাছিল যে এই নাওখনেৰে নদীখন পাৰ হ’ব পাৰিব।

PHOTO : DISCOVERY


কোনোমতে প্ৰধানমন্ত্ৰী মোদী আৰু বিয়েৰ গ্ৰিল্ছ নাওখনত বহিল। পাৰৰ পৰা কিছুদূৰ আগবঢ়াৰ পিছতে নাওখনৰ গতি মন্থৰ হৈ আহিল। তেতিয়া বিয়েৰ গ্ৰিলছে কয় – মই জানো যে এই নাওখন কোনো প্ৰধানমন্ত্ৰীৰ বাবে উপযুক্ত নহয়। আজিলৈকে কোনো প্ৰধানমন্ত্ৰীয়ে এনেকুৱা কাম কৰা নাই। বৰষুণ আৰু পানীৰ সোঁতত গ্ৰিলছে ভৰিৰে নাওখন আবঢ়াই নিয়ে। নদীৰ পানী অত্যন্ত ঠাণ্ডা আছিল।

নদীখন আধা পাৰ হোৱাৰ পিছত গ্ৰিলছে মোদীক কয় – মই ভাৱো আজিলৈ কোনো প্ৰধানমন্ত্ৰীয়ে এনেধৰণৰ নাৱত উঠিছে। ১০০ বছৰত কোনো প্ৰধানমন্ত্ৰীয়ে এনেকুৱা কাম কৰিছে। গ্ৰিল্ছৰ মন্তব্যৰ উত্তৰত মোদীয়ে কয় – মোৰ শৈশৱ এনেদৰেই পাৰ হৈছে, সেইবাবে মোৰ বাবে ইয়াত কোনো নতুনত্ব নাই। নদী পাৰ হৈ গ্ৰিলছে মোদীক কয় যে আপুনি বহুত ভাল কাম কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি