এগৰাকী জনপ্ৰিয় মডেল তথা অভিনেত্ৰীক পেশাগত যৌনতাৰ অভিযোগ তুলি আদালতে ৫ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে। য়েমেনৰ মডেলগৰাকীয়ে ড্ৰাগছ ব্যৱহাৰ কৰাৰো অভিযোগ তোলে। কিন্তু এই কাৰাদণ্ডক লৈ আন্তৰ্জাতিক মানৱ অধিকাৰ সংগঠনসমূহে গৰিহণা দিছে।
দণ্ডিত ইয়েমেনী মডেলগৰাকীৰ নাম ইণ্টিছাৰ আল-হাম্মাদি (২০)। তেওঁক এই বছৰৰ ফেব্ৰুৱাৰীত ফটোশ্বুট কৰিবলৈ ৰাজধানী ছানালৈ যাওঁতে এটা অনুসন্ধান চকীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ হোৱাৰ পিছত জুন মাহত হাম্মাদিৰ বিচাৰ আৰম্ভ হৈছিল। কিন্তু এই বিচাৰক হিউমেন ৰাইটচ ৱাটচে "অনিয়ম আৰু অপব্যৱহাৰ" বুলি অভিহিত কৰিছে।
ইৰাণ সমৰ্থিত সশস্ত্ৰ হুথি বিদ্ৰোহীসকলে সমগ্ৰ দেশতে মহিলাক নৈতিকতাৰ প্ৰথা অনুসৰণ কৰাৰ ওপৰত জোৰ দি আহিছে, বিশেষকৈ ২০১৪ চনত য়েমেনৰ ৰাজধানী ছানা দখল কৰাৰ পিছৰে পৰা এই নিয়ম প্ৰযোজ্য কৰাক লৈ বিদ্ৰোহীসকল কঠোৰ হোৱা দেখা গৈছে। এই ছানাৰে আদালতে আল-হাম্মাদিৰ বিৰুদ্ধে ৰায় দিয়ে।
হাম্মাদি য়েমেনৰ সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয়। তেওঁৰ উকীলে দাবী কৰিছে যে তেওঁৰ জনপ্ৰিয়তাৰ বাবে তেওঁক এনে অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ইণ্টিছাৰ আল-হাম্মাদিৰ দেউতাক ইয়েমেনী আৰু মাতৃ ইথিওপিয়ান। তেওঁ জীনচ আৰু চামৰাৰ জেকেট পিন্ধি অনলাইনত ডজনে ডজনে ফটো পোষ্ট কৰিছিল। হাম্মাদীয়ে চাৰি বছৰ ধৰি মডেল হিচাপে কাম কৰি আছিল। যোৱা বছৰ য়েমেনত দুখন টিভি ছিৰিজতো অভিনয় কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|