কোৰোণাৰ দ্বিতীয় ঢৌৰ সংহাৰ ভাৰতত! বিপৰীতে য়ুহানত উচ্চস্বৰৰ সংগীতৰ তালত উদ্দাম নৃত্যত ব্যস্ত চীনা যুৱক-যুৱতী

News18 Assam | News18-Assam
Updated:May 3, 2021, 6:07 PM IST
কোৰোণাৰ দ্বিতীয় ঢৌৰ সংহাৰ ভাৰতত! বিপৰীতে য়ুহানত উচ্চস্বৰৰ সংগীতৰ তালত উদ্দাম নৃত্যত ব্যস্ত চীনা যুৱক-যুৱতী
য়ুহান, চীনৰ সেইখন চহৰ। য'ত কোৰোণা ভাইৰাছ সংক্ৰমণৰ প্ৰথমটো ঘটনা লাভ কৰা হৈছিল আৰু ইয়াৰ পিছতেই প্ৰায় দুমাহলৈ কঠোৰ নীতি-নিয়মৰ মাজত ঘৰত আৱদ্ধ হৈ পৰিছিল চীনা লোক।

য়ুহান, চীনৰ সেইখন চহৰ। য'ত কোৰোণা ভাইৰাছ সংক্ৰমণৰ প্ৰথমটো ঘটনা লাভ কৰা হৈছিল আৰু ইয়াৰ পিছতেই প্ৰায় দুমাহলৈ কঠোৰ নীতি-নিয়মৰ মাজত ঘৰত আৱদ্ধ হৈ পৰিছিল চীনা লোক।

  • Share this:
ভাৰতত কোৰোণাৰ দ্বিতীয় ঢৌৰ সংহাৰী ৰূপে দেশ তচনচ কৰাৰ সময়তে চীন এতিয়া ব্যস্ত হৈ পৰিছে নৃত্য়-গীতত। কোৰোণাৰ উৎপত্তিৰ স্থান য়ুহান চহৰত অনুষ্ঠিত ষ্ট্ৰবেৰী সংগীত মহোৎসৱত শনিবাৰে দেখিবলৈ পোৱা গ'ল হাজাৰ হাজাৰ চীনা যুৱক-যুৱতীৰ উদ্দাম নৃত্য। পাঁচ দিনীয়া মে' দিৱস উদযাপনৰ ৰাষ্ট্ৰীয় বন্ধৰ প্ৰথম দিনটোতে মধ্য চীনৰ চহৰখনত দেখিবলৈ পোৱা গ'ল এক বেলেগ পৰিস্থিতি। প্ৰায় এটা বছৰৰ অন্তত কোৰোণাৰ উৎপত্তিস্থল চহৰখন উঠলি উঠিল হাজাৰ হাজাৰ চীনা যুৱক-যুৱতীৰ নৃত্য-গীতৰ অনুষ্ঠানেৰে।

য়ুহান হৈছে চীনৰ সেইখন চহৰ। য'ত কোৰোণা ভাইৰাছ সংক্ৰমণৰ প্ৰথমটো ঘটনা লাভ কৰা হৈছিল আৰু ইয়াৰ পিছতেই প্ৰায় দুমাহলৈ কঠোৰ নীতি-নিয়মৰ মাজত ঘৰত আৱদ্ধ হৈ পৰিছিল চীনা লোক। ২০১৯ৰ পৰা ২০ মাজভাগলৈ সমগ্ৰ চীনতেই কোৰোণাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। কিন্তু সম্প্ৰতি দেশখনত পৰিস্থিতি ভাল হৈ পৰাত এতিয়া এনেদৰেই চলিছে মাথো বিজয়-উল্লাস। ভাৰতসহ আন বহু দেশে কোৰোণাৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজি থকাৰ সময়তেই মাস্ক অবিহনেই চীনত চলিছে এই নৃত্য-গীতৰ আনন্দ।

কোভিড–১৯ ৰ সীমাৱদ্ধতাৰ বাবে বিগত বছৰ এই উৎসৱ অনলাইনযোগে উদযাপিত হোৱাৰ পিছতেই সম্প্ৰতি পৰিস্থিতি সুস্থিৰ হৈ উঠাত এনেদৰেই পূৰ্বৰ দৰে এইবেলি অনুষ্ঠিত কৰা হৈছে এই উৎসৱ। এই সম্পৰ্কত অনুষ্ঠানৰ আয়োজকসকলৰ এজন প্ৰতিনিধিয়ে ৰয়টাৰক জনায় যে এই বছৰ মানুহৰ সংখ্যা সীমিত কৰা হৈছে। শনিবাৰে প্ৰায় ১১,০০০ লোক এই অনুষ্ঠানত আছিল। বহু সীমাৱদ্ধতাৰ মাজেৰে এয়া অনুষ্ঠিত কৰা হৈছে। বহু অংশগ্ৰহণকাৰীয়ে মাস্ক পৰিধান কৰিছে, আন বহুতে কিন্তু কৰা নাই। ইপিনে চৰকাৰী তথ্য অনুসৰি, দেশখনত প্ৰথম অৱস্থাতে দিয়া দুমাহৰ কঠোৰতম নিৰ্দেশনাৰ পৰা এতিয়ালৈ চহৰখন প্ৰায় সম্পূৰ্ণৰূপে ভাইৰাছ-মুক্ত হৈ আহিছে।

এই মিউজিক ফেষ্টিভেলত অংশগ্ৰহণ কৰা য়ুহানৰ ২৩ বছৰীয়া ছাত্ৰ গাও য়ুচেনে এই সম্পৰ্কত কয় এনেদৰে, "বিগত বছৰ আমি কোৰোণা ভাইৰাছৰ সৈতে যুঁজি আছিলো। আজি আমি য'ত আছো, এই পৰ্যায়লৈ অহাটো সহজ নহয়। বৃহৎ প্ৰচেষ্টা অন্ততহে আমি এই পৰ্যায় পাইছে। তেনেস্থলত এই ফেষ্টিভেলত আহিবলৈ মই বৰ উৎসাহী হৈ পৰিছো।"
Published by: Sanjay Kumar Das
First published: May 3, 2021, 6:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি