টয়লেট ছীটৰ ভিতৰৰ পৰা ওলাই আহিল বিষাক্ত সাপ, তাৰ পিছত... চাওক ভিডিঅ’

News18 Assam | News18-Assam
Updated:August 17, 2020, 9:32 PM IST
টয়লেট ছীটৰ ভিতৰৰ পৰা ওলাই আহিল বিষাক্ত সাপ, তাৰ পিছত... চাওক ভিডিঅ’
টুইটাৰত পেটন মেলোনে নামৰ এজনে এই ভিডিঅ’ শ্বেয়াৰ কৰিছে।

টুইটাৰত পেটন মেলোনে নামৰ এজনে এই ভিডিঅ’ শ্বেয়াৰ কৰিছে।

  • Share this:
সাপক সকলোৱে কম বেছি পৰিমাণে ভয় কৰে। কিন্তু সেই ভয় লগা বিষাক্ত সাপ যদি টয়লেট ছীটত বহি দেখে তেন্তে? সেয়াও একেবাৰে টয়লেট ছীটৰ ভিতৰৰ পৰা মুখ উলিয়াই বাহিৰলৈ আহিছে। বহুতেই হয়তো ভয়ত পেপুৱা লাগিব। তেনে এক ঘটনাৰ ভিডিঅ’ই ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

টুইটাৰত পেটন মেলোনে নামৰ এজনে এই ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’ত দেখা গৈছে টয়লেট ছীটৰ ভিতৰৰ পৰা ওলাই আহিছে এডাল সাপ। টেক্সাছৰ দৰে চহৰত যদি মানুহৰ ঘৰত সাপ সোমাই সেয়া ভয় লগাৰে কথা। পেটনে লিখিছে, তেওঁৰ এজন বন্ধুৱে এই ভিডিঅ’টো কৰিছে নিজৰ ঘৰতে। সেই বন্ধুজনে কিন্তু মুঠেও ভয় খোৱা নাছিল। বৰং নিজৰ গ’ল্ফ ষ্টীকেৰে সাপডালক লাহে লাহে বাহিৰলৈ ওলাই আহিবলৈ সহায় কৰিছিল।

এই ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰে। বহুতেই মন্তব্য কৰিছে এয়া সঁচাই ভয়ংকৰ কথা।
Published by: Sanjay Kumar Das
First published: August 17, 2020, 9:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading