মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»দেখাত সাপৰ দৰেই যদিও সাপ নহয়! ফ্লৰিডাত উদ্ধাৰ হোৱা অদ্ভুত প্ৰাণীক লৈ হৈ–চৈ

দেখাত সাপৰ দৰেই যদিও সাপ নহয়! ফ্লৰিডাত উদ্ধাৰ হোৱা অদ্ভুত প্ৰাণীক লৈ হৈ–চৈ

News18 Assam | News18-Assam
Updated:August 2, 2021, 11:16 AM IST
দেখাত সাপৰ দৰেই যদিও সাপ নহয়! ফ্লৰিডাত উদ্ধাৰ হোৱা অদ্ভুত প্ৰাণীক লৈ হৈ–চৈ
দক্ষিণ এছিয়া, আফ্ৰিকাৰ কিছু অঞ্চলত ইয়াক দেখা পোৱা গ’লেও আমেৰিকাত প্ৰথমবাৰৰ বাবে দেখা গৈছে।

দক্ষিণ এছিয়া, আফ্ৰিকাৰ কিছু অঞ্চলত ইয়াক দেখা পোৱা গ’লেও আমেৰিকাত প্ৰথমবাৰৰ বাবে দেখা গৈছে।

  • Share this:
দেখাত প্ৰায় সাপৰ দৰেই। ধূসৰ ৰঙৰ এই প্ৰাণবিধক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। বিজ্ঞানীসকলে জনাইছে, দক্ষিণ ফ্লৰিডাত সন্ধান পোৱা এই সাপৰ দৰে দেখাত প্ৰাণীবিধ আচলতে সাপ নহয়। নাম ছেচিলিয়ান (Caecilian)।

সম্প্ৰতি আমেৰিকাৰ ফ্লৰিডাত দেখা গৈছে এই প্ৰাণীবিধ। তাৰ পিছতে হৈ–চৈ তাক কেন্দ্ৰ কৰি। দক্ষিণ ফ্লৰিডাৰ তামিয়ামি খালত ইয়াৰ সন্ধান ওলাইছে। সেই অঞ্চলত ইয়াৰ পূৰ্বে কেতিয়াও ছেচিলিয়ান দখা যোৱা নাছিল। দেখাত সাপৰ দৰে হ’লেও কিন্তু স্বভাৱত ই সাপ নহয়।


দক্ষিণ এছিয়া, আফ্ৰিকাৰ কিছু অঞ্চলত ইয়াক দেখা পোৱা গ’লেও আমেৰিকাত প্ৰথমবাৰৰ বাবে দেখা গৈছে। ইয়াৰ কোনফালে মুখ কোনফালে নেজ সহজতে ধৰিব নোৱাৰি। উদ্ধাৰ হোৱা প্ৰাণীবিধ আচলতে কি প্ৰথমে বুজিব পৰা নাছিল বিজ্ঞানীসকলে। শেষলৈ বহু পৰীক্ষা–নিৰীক্ষাৰ পিছত নিশ্চিত হয় যে এয়া ছেচিলিয়ান।
Published by: Sanjay Kumar Das
First published: August 2, 2021, 11:16 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি