আফ্ৰিকান দেশ বটছৱানাত পৃথিৱীৰ তৃতীয় বৃহত্তম হীৰা উদ্ধাৰ কৰা হৈছে। তুলনামূলকভাৱে বিশাল আকাৰৰ এই হীৰাৰ টুকুৰাটো ১,১৭৪ কেৰেটৰ। একপ্ৰকাৰ হাতৰ তলুৱাত ৰাখিলে গোটেই তলুৱা আৱৰি ৰাখিব ই। জানিব পৰা মতে, এই হীৰা লুকাৰা নামৰ এটা কানাডিয়ান প্ৰতিষ্ঠানে উদ্ধাৰ কৰে। বুধবাৰে বটছৱানাৰ ৰাজধানী গাবোৰোনত দেশৰ কেবিনেটত হীৰাডোখৰ প্ৰদৰ্শন কৰা হৈছিল। কেবিনেটত প্ৰকাশ কৰা মতে, ১২ জুনত এই হীৰা পোৱা গৈছিল।
হীৰা টুকুৰাৰ আকাৰলৈ চাই ই পৃথিৱীৰ সৰ্ববৃহৎ হীৰাৰ ভিতৰত তৃতীয় স্থানত থাকিব। লুকাৰাৰ পৰিচালন সঞ্চালক নাছিম লাহৰীয়ে কয় যে উদ্ধাৰ কৰা বিশাল হীৰাডোখৰ বটছৱানা আৰু তেওঁলোকৰ সংস্থাৰ বাবে এক ইতিহাস হৈ ৰ'ব।
উল্লেখ্য, কেইদিনমান আগতে ১ জুনত বটচৱানাৰ খনিজ আহৰণ কোম্পানী দেৱস্বনায়ো ১,০৯৮ কেৰেটৰ এটুকুৰা হীৰা উদ্ধাৰ কৰিছিল। জুন মাহতে বটছৱানাত দুটুকুৰা ডাঙৰ হীৰা উদ্ধাৰৰ পিছত দেশখনে আনন্দ প্ৰকাশ কৰে।
আনহাতে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ হীৰাটুকুৰা ১১৬ বছৰ আগেয়ে ১৯০৫ চনত দক্ষিণ আফ্ৰিকাৰ খনিৰ পৰা আহৰণ কৰা হৈছিল। 'কালিনান' নামৰ এই হীৰাডোখৰ আছিল ৩,১০৬ কেৰেটৰ। আফ্ৰিকাৰ দেশসমূহৰ পৰা আহৰণ কৰা সৰ্বাধিকসংখ্যক হীৰা বটচৱানাৰ খনিৰ পৰা উদ্ধাৰ কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|