
Swiss Mini Gun: ব্ৰিটেইন আৰু আমেৰিকাই এই ৰিভলভাৰৰ ব্যৱহাৰ ইতিমধ্যে নিষিদ্ধ কৰিছে।
Swiss Mini Gun: ব্ৰিটেইন আৰু আমেৰিকাই এই ৰিভলভাৰৰ ব্যৱহাৰ ইতিমধ্যে নিষিদ্ধ কৰিছে।
ওজন মাত্ৰ ২০ গ্ৰাম। বিশ্বৰ আটাইতকৈ সৰু ৰিভলভাৰৰ ওজন এয়া। এনে কথা আপোনাৰ বাবে অবিশ্বসনীয় হ'লেও ই সত্য। ই কোনো টয় ৰিভলভাৰ নহয়। গুলী ফুটালে মৃত্যু নিশ্চিত। এনেধৰণৰ আটাইতকৈ সৰু ৰিভলভাৰটো এটা চুইছ কোম্পানীৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। ইয়াক সহজে হাতৰ তলুৱাত লুকুৱাব পাৰি।
এই ৰিভলভাৰৰ নাম চি-১ এছটি (Swiss Mini Gun)। ৫.৫ চেঃমিঃ দৈৰ্ঘ্যৰ আৰু ১ চেঃমিঃ বহল। কিন্তু ইয়াৰ দাম শুনিলে চকু কপালত উঠিব। ৰিভলভাৰটোৰ মূল্য ৫ লাখ টকা। ইয়াৰ আকাৰ ইমান সৰু যে ইয়াক যিকোনো ঠাইতে সহজে লুকুৱাব পাৰি। সেইকাৰণে ব্ৰিটেইন আৰু আমেৰিকাই এই ৰিভলভাৰৰ ব্যৱহাৰ ইতিমধ্যে নিষিদ্ধ কৰিছে। ৰিভলভাৰটো চুইজাৰলেণ্ডে ঘড়ী আৰু গহনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে।
ৰিভলভাৰটোৰ ক্ষমতা কম। গতিকে ইয়াৰ গুলীবোৰৰ ফলত মৃত্যুৰ আশংকা কম। কিন্তু নিৰ্মাণ প্ৰতিষ্ঠানটোৱে দাবী কৰে যে যদি ই মূৰৰ ওচৰৰ পৰিসৰত গুলীচালনা কৰে, তেন্তে গুৰুতৰ আঘাতৰ আশংকা আছে। গিনিছ ৰেকৰ্ড ( Guinness Book of World Records) অনুসৰি ই হৈছে পৃথিৱীৰ আটাইতকৈ সৰু বন্দুক।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|