এবটল হুইস্কিৰ মূল্য এক কোটিতকৈও অধিক! শুনাত আচৰিত লাগিলেও ই সত্য। এই ১ কোটিৰো অধিক মূল্যৰ হুইস্কিৰ বটলটো ২৫০ বছৰ পুৰণি বুলি জানিব পৰা গৈছে। নিলামত যোৱাৰ লগে লগে ইয়াৰ দাম ১ কোটি টকাতকৈও অধিক হয়৷ ই নিৰ্ধাৰণ কৰা মূল্যতকৈ ৬ গুণ বেছি মূল্যত বিক্ৰী হৈছে।
১৮৬০ চনৰ এই অতি পুৰণি হুইস্কিৰ বটলটো জে পি মৰ্গান নামৰ এগৰাকী ব্যক্তিৰ আছিল। বটলত থকা ষ্টিকাৰটোত কোৱা হৈছে য়ে হুইস্কিবিধ ১৮৬৫ চনৰ আগতে তৈয়াৰ কৰা হৈছিল। মৰ্গানৰ মৃত্যুৰ পিছত ইয়াক উদ্ধাৰ কৰা হয়।
উদ্ধাৰৰ পিছত প্ৰথমে স্কিনাৰ ইনক নামৰ এটা নিলাম কোম্পানীয়ে ২০,০০০ৰ পৰা ৪০,০০০ ডলাৰত ক্ৰয় কৰিছিল। পিছত যোৱা ৩০ জুনত মানহাটানৰ এটা গৱেষণা কোম্পানী মৰ্গান লাইব্ৰেৰীয়ে ১৩৭,৫০০ ডলাৰত ক্ৰয় কৰে। ভাৰতীয় মুদ্ৰাত এয়া ১ কোটি টকাতকৈ অধিক।
হুইস্কিৰ মূল মালিক মৰ্গানৰ সৈতে এনে তিনিটা বটল আছিল, যাৰ ভিতৰত এতিয়া একমাত্ৰ এই বটলটো ৰৈ গৈছে। কিন্তু দুৰ্ভাগ্যৰ কথা ইমান কোটিটকীয়া হুইস্কিবিধ পান কৰাক লৈ আছে কিছু অসুবিধা। এক আন্তৰ্জাতিক সংবাদ সংস্থাই কয় যে ইয়াক পান নকৰাই ভাল।
বটলত থকা তৰলৰ পৰীক্ষাত প্ৰকাশ পাইছিল যে এইটো ১৭৬৩ ৰ পৰা ১৮০৩ চনৰ ভিতৰত তৈয়াৰ কৰা হৈছিল। ধাৰণা কৰা হৈছে যে ১৭৭০ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা যুদ্ধৰ সময়ত ইয়াক তৈয়াৰ কৰা হৈছিল। ধাৰণা কৰা মতে ১০০ বছৰ পিছত ১৮৬৫ চনত নতুনকৈ ইয়াক বটলত ভৰোৱা হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|