THOMAS COOK: দুখনকৈ বিশ্বযুদ্ধই ক্ষতি কৰিব নোৱাৰা ১২৮বছৰীয়া এটা কোম্পানী কেনেকৈ ধ্বংস হৈ গ’ল?

১৮৪১চনত স্থাপন হোৱা থমাছ কুক বিশ্বৰ আটাইতকৈ পুৰণি ট্ৰেভেল কোম্পানীৰূপে গণ্য কৰা হয়। ইয়াৰ কৰ্মচাৰীৰ সংখ্যা ২১হাজাৰৰো অধিক।

News18-Assam
Updated:September 24, 2019, 2:37 PM IST
THOMAS COOK: দুখনকৈ বিশ্বযুদ্ধই ক্ষতি কৰিব নোৱাৰা ১২৮বছৰীয়া এটা কোম্পানী কেনেকৈ ধ্বংস হৈ গ’ল?
সাংকেতিক ছবি
News18-Assam
Updated: September 24, 2019, 2:37 PM IST
বিশ্বৰ আটাইতকৈ পুৰণি ট্ৰেভেল ফাৰ্ম আৰু দুখনকৈ বিশ্বযুদ্ধৰ মাজতো অগ্ৰণী ব্যৱসায় কৰা থমাছ কুক সোমবাৰে ধৰাশায়ী হৈ পৰে। ফাৰ্মখনে হোটেল, ৰিজৰ্ট আৰু এয়াইৰলাইন কোম্পানী পৰিচালনা কৰি বছৰটোৰ ভিতৰত ১.৯কোটি লোকক ১৬দেশ ভ্ৰমণ কৰোৱাইছিল। কোম্পানীটোৱে ২০১৮চনত ৯.৬ আৰৱ পাউণ্ড বা ১২ আৰৱ ডলাৰৰ ৰাজহ লাভ কৰিছিল। কোম্পানীটোৰ এতিয়াও কমেও ৬ লাখ যাত্ৰী বিদেশ ভ্ৰমণত আছে, ইয়াৰ ভিতৰত ১.৫লাখ কেৱল ব্ৰিটিছ নাগৰিক।

মন কৰিবলগীয়া যে, ১৮৪১চনত প্ৰতিষ্ঠা হোৱা বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু পুৰণি ট্ৰেভেল কোম্পানীৰূপে থমাছ কুকক মানি চলা হয়। শেহতীয়াকৈ কোম্পানীটো ১.৭আৰৱ পাউণ্ড (২.১ আৰৱ ডলাৰ)ৰ বৃহৎ ঋণৰ বোজাত ডুব গৈছিল। ইয়াৰ মাজতে নিজৰ নাগৰিকসকলক উভতাই আনিবলৈ ব্ৰিটিছ চৰকাৰে গ্ৰেট ব্ৰিটেইনৰ অসামৰিক বিমান সেৱা সংস্থাক দুসপ্তাহৰ ভিতৰত প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দিছে। এই কাৰ্যসূচীৰ অধীনত ৬অক্টোবৰৰ পৰা থমাছ কুকৰে গ্ৰাহকসকলক গ্ৰেট ব্ৰিটেইনলৈ পুনৰ উভতাই অনা হ'ব। ইয়াৰ কাৰণে বৃহৎ সংখ্যক বিমানে বিভিন্ন দেশত আৱদ্ধ হৈ থকা লোকসকলক ইউকেলৈ ঘূৰাই আনিব।
গ্ৰেট ব্ৰিটেইনৰ অসামৰিক বিমান পৰিবহন সংস্থাই প্ৰকাশ কৰা এক বিবৃতিত ৱেবছাইটযোগে বিমানৰ নিশ্চিতি নিদিয়া পৰ্যন্ত বিদেশী গ্ৰাহকসকলক বিমানবন্দৰলৈ আহিবলৈ মানা কৰিছে। বিবৃতিত কোৱা হৈছে যে, গ্ৰেট ব্ৰিটেইনত থমাছ কুকৰ গ্ৰাহকসকলে নিজৰ দেশলৈ ঘূৰি যাবলৈও বিমানবন্দৰলৈ আহিব নালাগে কাৰণ গ্ৰেট ব্ৰিটেইন যাবলগীয়া কোম্পানীটোৰ সকলো বিমান বাতিল কৰা হৈছে।

ইয়াৰ মাজতে থমাছ কুকৰ মুখ্য কাৰ্যবাহী বিষয়া পিটাৰ ফেনকছৰে এক বিবৃতিৰ জৰিয়তে কৈছে,
মই বছৰ বছৰ ধৰি আমাৰ লগত থকা আমাৰ লাখ লাখ গ্ৰাহক, হাজাৰ হাজাৰ কৰ্মচাৰী, চাপ্লাইয়াৰ আৰু সহযোগীসকলৰ ওচৰত ক্ষমাপ্ৰাৰ্থী।
তেওঁ কয় যে, এয়া অগণন মানুহক বিশ্ব ভ্রমণ কৰোৱা আৰু হলিডে' পেকেজত সকলোতকৈ আগত থকা কোম্পানীটোৰ কাৰণে অত্যন্ত দুখৰ দিন।

কিয় বৰবাদ হৈ গ'ল কোম্পানীটো?

বৰ্ধিত ঋণ, অনলাইন প্ৰতিদ্বন্দী আৰু ভু-ৰাজনৈতিক অনিশ্চয়তাৰ মাজত কোম্পানীটোক ২০কোটি পাউণ্ডৰ তাৎক্ষণিক প্ৰয়োজন আছিল। থমাছ কুকৰ চিইঅ'ই দেওবাৰে কৰদাতা আৰু লেন দেন কৰোঁতা সকলৰ সৈতে এক বৈঠকতো মিলিত হৈছিল যাতে কোম্পানীটোক ৰক্ষা কৰাৰ এক শেষ প্ৰয়াস কৰিব পৰা যায়! কিন্তু দুৰ্ভাগ্যবশত: এই প্ৰয়াস সফল নহ'ল আৰু ঐতিহাসিক কোম্পানীটো বন্ধ কৰিবলগীয়া হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি