শেহতীয়াকৈ, এটা ভেড়া হাজাৰ বা লাখত নহয়, কোটি টকাত বিক্ৰী হৈছে অষ্ট্ৰেলিয়াত। অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছত সংঘটিত এক ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে। ভেড়াৰ দাম বৃদ্ধি হৈ ২ কোটিত উপনীত হ’ল ইয়াক ‘এলিট অষ্ট্ৰেলিয়ান হোৱাইট ছিণ্ডিকেট’য়ে ক্ৰয় কৰিছে।
অষ্ট্ৰেলিয়াত ভেড়াৰ মাংস আৰু উলৰ চাহিদা ব্যাপক। অৱশ্যে এটা ভেড়াৰ দাম দুই কোটি হ’ব বুলি কোনেও ভাবিব পৰা নাছিল৷ এইটো বৰ্তমান পৃথিৱীৰ আটাইতকৈ দামী ভেড়া।
অষ্ট্ৰেলিয়াত ভেড়াৰ মূল্য বিশেষকৈ মাংসৰ দাম যথেষ্ট বৃদ্ধি পাইছে। অধিক চাহিদাৰ বাবে ভেড়াৰ দাম বৃদ্ধি পাইছে। ২ কোটি টকাৰ এই ভেড়াৰ এটা বিশেষ জাত, ইহঁতৰ শৰীৰত বৰ বেছি নোম নহয় কেৱল মাংসৰ বাবেই এই ভেড়াৰ চাহিদা বেছি। ই সোনকালে বাঢ়ি যায় ফলত যথেষ্ট চাহিদা আছে।
কিন্তু এতিয়াও ই বিশ্বৰ আটাইতকৈ দামী ভেড়া হিচাপে সৰ্বকালৰ অভিলেখ গঢ়িব পৰা নাই। যোৱা বছৰ স্কটলেণ্ডত সাড়ে তিনি কোটি টকাত এটা ভেড়া বিক্ৰী হৈছিল।
- First Published :