বিশ্বত এতিয়া প্ৰচণ্ড শীত। কিন্তু বিশ্বৰ এখন চহৰত বৰ্তমান তাপমাত্ৰা মাইনাছ ৫০ ডিগ্ৰী ছেলচিয়াছৰো তললৈ নামিছে। বিশ্বৰ আটাইতকৈ ঠাণ্ডা চহৰ য়াকুত্স্কত অস্বাভাৱিক ৰূপত দীৰ্ঘ সময়লৈ চলিবলগীয়া শীত প্ৰবাহৰ বাবে এই সপ্তাহত তাপমাত্ৰা শূন্যৰ পৰা ৫০ ডিগ্ৰী ছেলচিয়াছ তললৈ নামিছে।
ৰাছিয়াৰ পূব প্ৰান্তৰ পৰ্মাফ্ৰষ্টত মস্কোৰ ৫০০০ কিলোমিটাৰ পূবত অৱস্থিত, চহৰখনৰ নিবাসীসকলে প্ৰায়ে তাপমাত্ৰা মাইনাছ ৪০ ডিগ্ৰীৰ তললৈ নমা প্ৰত্যক্ষ কৰে।
এই চহৰৰ মানুহে বহু তৰপীয়া শীতৰ কাপোৰ পিন্ধে আৰু তেওঁলোকৰ বিশ্বাস যে এই চৰম ঠাণ্ডাৰ সৈতে কোনেও যুঁজিব নোৱাৰে। "আপুনি ইয়াৰ বিৰুদ্ধে যুঁজিব নোৱাৰে। হয় আপুনি এডজাষ্ট কৰি সেই অনুসৰি সাজ-পোছাক পিন্ধিব, নহয় আপুনি ক্ষতিগ্ৰস্ত হব।" – আনাষ্টেছিয়া গ্ৰুজডেভাই কয়।
![]()
যদিও তেওঁলোক শূন্যৰ তলৰ বতৰত অভ্যস্ত, তথাপিও জানুৱাৰী মাহত তাত আটাইতকৈ ঠাণ্ডা মাহ হোৱাৰ বাবে অঞ্চলটোৰ বাসিন্দাসকলে গৰম হৈ থকাৰ বাবে অতিৰিক্ত পদক্ষেপ গ্ৰহণ কৰে।
ফ্ৰীজ বা ফ্ৰীজাৰ প্ৰয়োজন নোহোৱাকৈ বজাৰত ফ্ৰ’জেন মাছ বিক্ৰী কৰা আন এজন বাসিন্দা নাৰ্গুছুন ষ্টাৰষ্টিনাই কয় যে ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ কোনো বিশেষ ৰহস্য নাছিল। "মাত্ৰ গৰম কাপোৰ পিন্ধক" তাই ক'লে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|