কোৰোণা ভেকচিন বজাৰলৈ আহিলেই সকলো ঠিক নহয়, পদে পদে আছে বিপদ, ক’লে বিশেষজ্ঞই

News18 Assam | News18-Assam
Updated:August 3, 2020, 8:02 PM IST
কোৰোণা ভেকচিন বজাৰলৈ আহিলেই সকলো ঠিক নহয়, পদে পদে আছে বিপদ, ক’লে বিশেষজ্ঞই
এই যুদ্ধ হলীউদৰ ছবিৰ দৰে নহয়, বাস্তৱ তাতকৈ বেছি নিৰ্মম। এটা কথাই নিশ্চিত যে, সহজতে কোৰোণাৰ সৈতে মোকাবিলা কৰা সম্ভৱ নহ’ব।

এই যুদ্ধ হলীউদৰ ছবিৰ দৰে নহয়, বাস্তৱ তাতকৈ বেছি নিৰ্মম। এটা কথাই নিশ্চিত যে, সহজতে কোৰোণাৰ সৈতে মোকাবিলা কৰা সম্ভৱ নহ’ব।

  • Share this:
কোৰোণাৰ ভেকচিন আবিষ্কাৰ হ’লেই সকলো ঠিক হৈ যাব। আমি আকৌ স্বাভাৱিক অৱস্থালৈ ঘূৰি যাব পাৰিম। ৰাজনৈতিক নেতাৰ এনেবোৰ কথা এতিয়া সঘনে শুনিবলৈ পোৱা যায়।কিন্তু এই সপোনত যেন এতিয়া চেচা পানী ঢালিছে একাংশ চিকিত্‍সা বিজ্ঞানীয়ে। তেওঁলোকৰ মতে, ‘বাস্তৱ হলীউদৰ ছবি নহয়, বৰঞ্চ তাতকৈ বেছি নিৰ্মম। সহজে কোৰোণাৰ সৈতে মোকাবিলা কৰা সহজ নহয়।’

কিন্তু কিয় এই কথা কৈছে বিশেষজ্ঞই? হাভাৰ্ডৰ টিএইচ চান স্কুল অৱ পাব্লিক হেলথৰ সংক্ৰমণ বিশেষজ্ঞ ইয়োনটান গ্ৰাডে কৈছে যে, ‘মোৰ মতে যদি ভেকচিনক চুইছ অফ, চুইছ অনৰ বুটাম বুলি ভাবিছে তেনেহ'লে সাংঘাতিক ভুল কৰিছে। আনকি ইয়াক কোৰোণাৰ পূৰ্বৱৰ্তী সময়লৈ উভতি যোৱাৰ গেটৱে বুলি ভাবিলেও ভুল কৰা হ'ব। আনকি একেধৰণৰ মন্তব্য আন্তৰ্জাতিক সংবাদমাধ্যম, দ্যা ওৱাছিংটন পোষ্টৰ আগত দাঙি ধৰিছে কলম্বিয়া বিশ্ববিদ্যালয়ৰ ভাইৰোলজিষ্ট এঞ্জেল ৰামমুসেনেও।

তেওঁৰ বক্তব্য অনুসৰি, এবছৰৰ শেষত বা নতুন বছৰৰ আৰম্ভণিলৈ ভেকচিন বজাৰলৈ আহিলেও শেষ হৈ নাযায় যুদ্ধ। বৰঞ্চ এখন নতুন যুদ্ধ আৰম্ভ হে হ’ব। কাৰণ বিশ্বজুৰি চাহিদা-যোগান, আন্তৰ্জাতিক সংহতি এই সকলো নতুনকৈ পৰীক্ষাৰ মুখামুখি হোৱাৰ দৰে হ’ব। আনকি সমগ্ৰ বিশ্ব এক নিৰাপদ অৱস্থানলৈ গতি কৰিবলৈ প্ৰয়োজন হ’ব দীৰ্ঘ সময়ৰ।

লগতে বিজ্ঞানীগৰাকীয়ে যুক্তি দিছে যে, এটা ভেকচিন শৰীৰত প্ৰৱেশ কৰিলে, ৰোগ প্ৰতিৰোধ চিষ্টেমক নতুন কৈ গঠিত কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব। এটা ভেকচিন ওলালেই স্বাভাৱিক হৈ নাযায় সমগ্ৰ বিশ্ব। তাৰ পৰিৱৰ্তে সেই ভিকচিনৰো পৰীক্ষা-নিৰীক্ষা কৰিব। এটা ভেকচিনে সকলো লোকৰ ৰোগ নিৰাময় কৰিব নোৱাৰিও পাৰে। গতিকে চিন্তাৰ কাৰণ বহু আছে।’ অৰ্থাত্‍ তেওঁলোকৰ ভাষ্যৰ পৰা অনুমান কৰিব পাৰি যে, প্ৰথমে বজাৰলৈ অহা ভেকচিন মানুহৰ স্বপ্নভংগৰ কাৰণো হ’ব পাৰে!
Published by: Himangshu Bhuyan
First published: August 3, 2020, 7:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading