মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »World Wildlife Day 2023: আজি বিশ্ব বন্যপ্ৰাণী দিৱস! এই দিৱস পালন কৰাৰ উদ্দেশ্য, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

World Wildlife Day 2023: আজি বিশ্ব বন্যপ্ৰাণী দিৱস! এই দিৱস পালন কৰাৰ উদ্দেশ্য, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বই সামূহিক প্ৰচেষ্টা লোৱাৰ সময়ত কাজিৰঙাই বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্ব দৰবাৰত এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷

বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বই সামূহিক প্ৰচেষ্টা লোৱাৰ সময়ত কাজিৰঙাই বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্ব দৰবাৰত এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷

  • Share this:
আজি বিশ্ব বন্যপ্ৰাণী দিৱস ৷ প্ৰতি বছৰে ৩ মাৰ্চৰ দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপনৰ তাৎপৰ্য হৈছে উদ্বেগৰ বিষয়বোৰৰ ওপৰত জনসাধাৰণক শিক্ষিত কৰা, বন্যপ্ৰাণীৰ সমস্যা সম্পৰ্কীয় গোলকীয় সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা, আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সফলতা উদযাপন আৰু শক্তিশালী কৰা।

উল্লেখ্য যে, এই দিনটোত ১৯৭৩ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত অনুষ্ঠিত Convention on International Trade in Endangered Species of World Fauna and Flora চমুকৈ CITES শীৰ্ষক সন্মীলনৰ চুক্তি হৈছিল। সেয়েহে ২০১৩ চনত এই দিনটোক বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷ তেতিয়াৰে পৰা প্ৰতি বছৰে ৩ মাৰ্চৰ দিনটোত CITES ৰ জন্মদিনক বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰি অহা হৈছে ৷

চলিত বৰ্ষত CITES নামৰ অনুষ্ঠানটোৱে ৫০ বছৰত ভৰি দিছে। এই বৰ্ষৰ বিশ্ব বন্যপ্ৰাণী দিৱসৰ থিম Partnership for Wildlife Conservation লোৱা হৈছে। আনহাতে, বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বই সামূহিক প্ৰচেষ্টা লোৱাৰ সময়ত কাজিৰঙাই বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্ব দৰবাৰত এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ যাৰবাবে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ মানচিত্ৰত কাজিৰঙাই এক বিশেষ স্থান দখল কৰিছে।

শেহতীয়া বাতৰি