মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Bomb Explodes at Munich: ৭৬ বছৰৰ পিছত হঠাতে ফুটিল দ্বিতীয় বিশ্বযুদ্ধৰ ২৫০ কেজি ওজনৰ বোমা

Bomb Explodes at Munich: ৭৬ বছৰৰ পিছত হঠাতে ফুটিল দ্বিতীয় বিশ্বযুদ্ধৰ ২৫০ কেজি ওজনৰ বোমা

এই দুৰ্ঘটনাত চাৰিজন লোক আহত হয়। এজনৰ অৱস্থা সংকটজনক বুলি তথ্যত প্ৰকাশ।

এই দুৰ্ঘটনাত চাৰিজন লোক আহত হয়। এজনৰ অৱস্থা সংকটজনক বুলি তথ্যত প্ৰকাশ।

এই দুৰ্ঘটনাত চাৰিজন লোক আহত হয়। এজনৰ অৱস্থা সংকটজনক বুলি তথ্যত প্ৰকাশ।

  • Share this:

বিশ্বযুদ্ধৰ বিভীষিকাৰ আজিও যেন অন্ত পৰা নাই। জাৰ্মানীৰ মিউনিখ (Munich) চহৰত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এটা বোমাৰ হঠাতে হোৱা বিস্ফোৰণে চাঞ্চল্যৰ সৃষ্টি কৰে দেশখনত। অৱশ্যে বোমাৰ বিস্ফোৰণ জনসমাগমস্থলীত হোৱা নাছিল। তথাপি এই দুৰ্ঘটনাত চাৰিজন লোক আহত হয়। এজনৰ অৱস্থা সংকটজনক বুলি তথ্যত প্ৰকাশ।


বুধবাৰে (১ ডিচেম্বৰ) চহৰখনৰ ৰে'ল সুৰংগৰ বাবে ড্ৰিলিং কৰোঁতে বোমাটো বিস্ফোৰণ হয় বুলি সংবাদ সংস্থা বিবিচিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। উল্লেখ্য দ্বিতীয় বিশ্বযুদ্ধ ১৯৪৫ চনত সমাপ্ত হৈছিল। অৰ্থাৎ বোমাটো (an aircraft bomb) উক্ত ঠাইত কমেও ৭৬ বছৰ ধৰি পৰি আছিল।


প্ৰতিবেদন অনুসৰি, বিশ্বযুদ্ধৰ সময়ত পোৱা অবিস্ফোৰিত বোমা জাৰ্মানীত এটা সাধাৰণ ঘটনা। দেশখনত বহু বোমা বিশেষজ্ঞসকলে নিষ্ক্ৰিয় কৰিছিল। কিন্তু ২৫০ কিলোগ্ৰামৰ এই আকাশীযানৰ পৰা পেলোৱা বোমা (World War II Bomb) আগতে কেতিয়াও পোৱা হোৱা নাছিল।


দেশখনৰ সংবাদ মতে, এখন দলঙৰ ওচৰত সুৰংগ নিৰ্মাণৰ কামৰ সময়ত বোমাটো বিস্ফোৰণ হৈছিল। এটা ডাঙৰ শব্দৰ পিছত ধোঁৱাৰ প্ৰচণ্ড স্তূপ প্ৰত্যক্ষ কৰা গৈছিল। বিস্ফোৰণৰ ফলত এটা ডাঙৰ খনন যন্ত্ৰ ছিটিকি যায়।


Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি