বিষত ৰ'ব নোৱাৰি এজন ৰোগী আহি পালে চিকিৎসালয়। লগে লগে জৰুৰীকালীন সেৱাত চলিল চিকিৎসা। চিকিৎসকসকলে চিকিৎসা আৰম্ভ কৰাৰ সময়তে ৰোগীয়ে যি কথা অৱগত কৰালে চকু কপালত উঠিল চিকিৎসকৰ। নিমিষতে গোটেই চিকিৎসালয়খনত বিয়পি পৰিল আতংক। ৰোগীৰ ওচৰৰ পৰা ফৰিং ছিটিকা দিলে চিকিৎসকসকসকল।
চিকিৎসকক ৰোগীয়ে জানিবলৈ দিছিল যে তেওঁৰ প্ৰাইভেট পাৰ্টত বোমা আছে। লগে লগে ডাক্তৰৰ সলনি মাতি পঠিয়াব লগা হ'ল বোমা নিষ্ক্ৰিয় কৰা স্কোৱাডৰ দল।
সকলোকে বিচূৰ্তি খুওৱা এই ঘটনা সংঘটিত হৈছে ইংলেণ্ডৰ গ্লচেষ্টাৰশ্বায়াৰৰ ৰয়েল হাস্পতালৰ জৰুৰীকালীন বিভাগত। ব্যক্তিগৰাকীৰ প্ৰাইভেট পাৰ্টত তীব্ৰ বিষ হয় আৰু তেওঁ জনায় যে তেওঁৰ শৰীৰত এটা বোমা আছে (Bomb In Private Part)। ৰোগীগৰাকীয়ে কয় যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এণ্টি-টেংক শ্বেল (World War II anti-tank shell) ব্যক্তিগত অংশত আবদ্ধ হৈ আছে।
প্ৰথমে ব্যক্তিগৰাকীক মানসিক ৰোগী বুলি ধাৰণা কৰা হৈছিল যদিও পৰীক্ষা কৰিলত জানিব পৰা যায় তেওঁ কোৱা কথাটো সঁচা। তাৰ পিছত এক্সপ্লছিভ অৰ্ডনেন্স ডিচপোজেল টীমক (EOD) হাস্পতাললৈ মাতি পঠিওৱা হয়। অৱশ্যে, বোমা স্কোয়াড অহাৰ আগতে চিকিৎসকসকলে বোমাটো আঁতৰাই দিয়ে।
EODৰ দলে কৈছিল যে বোমাটো সক্ৰিয় নাছিল গতিকে বিস্ফোৰণ হোৱাৰ সম্ভাৱনা নাছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বোমা বাবে ই বিস্ফোৰণৰ বাবে অক্ষম আছিল। কিন্তু চিকিৎসকসকলৰ মনত আটাইতকৈ ডাঙৰ প্ৰশ্নটো আছিল, হঠাতে গোপন অংগত বোমাটোৱে কেনেকৈ স্থান পালে?
ৰোগীয়ে নিজেই সেই কৌতূহল নিবাৰণ কৰে! তেওঁ কৈছিল যে সকলো বিৰল যুদ্ধ অস্ত্ৰ সংগ্ৰহ কৰাটো তেওঁৰ চখ আছিল। তেওঁৰ সংগ্ৰহত এটা ২ ইঞ্চিৰ আৰ্টিলাৰী শ্বেল অন্তৰ্ভুক্ত আছিল। তেওঁ ইয়াক কোঠাটোৰ এফালে মাটিত ৰাখিছিল। কিন্তু অসাৱধানতাবশতঃ তেওঁ বাগৰি পৰে আৰু বোমাটোৰ ঠিক ওপৰতে পৰে, তেতিয়া বোমাটোৰ বেজীৰ দৰে অংশটো তেওঁৰ গোপন অংগত ফঁচি যায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|