প্ৰেমিকাক ৫৫২কোটি টকাৰ ঘৰ উপহাৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ, চাওক ঘৰৰ ভিডিঅ’

নিউয়ৰ্কৰ মানহাটানত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি জেফ বেজচে ক্ৰয় কৰা প্ৰসাদটোৰ মূল্য ৫৫২কোটি টকা, আছে ১২টা ডাঙৰ বেডৰূম।

news18
Updated:June 8, 2019, 1:12 PM IST
প্ৰেমিকাক ৫৫২কোটি টকাৰ ঘৰ উপহাৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ, চাওক ঘৰৰ ভিডিঅ’
নিউয়ৰ্কৰ মানহাটানত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি জেফ বেজচে ক্ৰয় কৰা প্ৰসাদটোৰ মূল্য ৫৫২কোটি টকা, আছে ১২টা ডাঙৰ বেডৰূম।
news18
Updated: June 8, 2019, 1:12 PM IST
বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি আমাজনৰ CEO জেফ বেজচে এটা নতুন ঘৰ ক্ৰয় কৰিছে। স্বাভাৱিকতে জেফ বেজচৰ নতুন ঘৰখনে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই ঘৰটো নিউয়ৰ্কৰ মানহাটান এলেকাত অৱস্থিত আৰু ঘৰটোৰ মূল্য ৫৫৪কোটি টকা। ঘৰটোত আছে ১২টাকৈ বিশাল বেডৰূম। পত্নী মেকেঞ্জিৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছতে জেফ বেজচে এই ঘৰটো নিজৰ প্ৰেয়সী লৰেন চাঞ্জেছৰ সৈতে বাস কৰিবলৈ ক্ৰয় কৰিছে। ঘৰটো ক্ৰয় কৰিবলৈ ৮কোটি ডলাৰ খৰছ কৰা হৈছে আৰু ইয়াৰ ভাৰতীয় টকাত পৰিমাণ হ’ব ৫৫২কোটি টকা। ১৭হাজাৰ স্কোৱাৰ ফুটৰ এলেকাত ঘৰটো অৱস্থিত। বেজচৰ কেলিফৰ্নিয়া, টেক্সাচ আৰু ৱাশ্চিংটন ডিচিতো ঘৰ আছে।

 

বিশাল ঘৰটোৰ ভিতৰত ১২টা শোৱনী কোঠ, এটা পেণ্টহাউচ আৰু দুটা ফ্লেট আছে। পেন্টহাউচটো তিনিমহলীয়া আৰু ই প্ৰায় ১০হাজাৰ স্কোৱাৰ ফুটৰ। বাংলোত এখন লাউঞ্জ, বৰ্ডৰূম, গল্ফ ছিমুলেটৰ, স্ক্ৰীণ ৰূম আৰু প্লে ৰূম আছে। উল্লেখযোগ্য যে জেফ বেজচে নিজৰ পচন্দ অনুসৰি মানহাটানৰ নতুন ঘৰটো নতুনকৈ ডিজাইন কৰিব পাৰি বুলি চৰ্চা চলিছে। বিগত সময়ত চৰ্চা এয়াও হৈছিল যে বেজচে ইয়াক নিজৰ দ্বিতীয় হেডকোৱাৰ্টাৰ কৰাৰ পৰিকল্পনা কৰিছে। কিন্তু কিছু কাৰণত এই সিদ্ধান্ত বাতিল কৰা হয়।

 

আটাইতক মন কৰিবলগীয়া কথা বেজচে এই প্ৰাসাদ ক্ৰয় কৰিবলৈ ৫৫৪কোটি টকা খৰছ কৰিলেও এইটো মানহাটানৰ আটাইতকৈ দামী ঘৰ নহয়। এই বছৰৰে হেজ ফাণ্ড পৰিচালনা কৰা আৰবপতি কেন গ্ৰিফিনে ভাৰতীয় হিচাপত ১৬৫০ কোটি টকা খৰছ কৰি এটা ঘৰ এই এলেকাতে ক্ৰয় কৰিছিল। এইটো আমেৰিকাৰ ইতিহাসৰ এতিয়ালৈকে বিক্ৰী হোৱা আটাইতকৈ ব্যয়বহুল ঘৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি