দেওবাৰে পুনৰ পেলেষ্টাইন (Palestine)ৰ গাজাত ইজৰাইলে (Israel) চলায় ভয়ানক বিমান আক্ৰমণ। এই আক্ৰমণত ৪২ জন লোক নিহত হোৱাৰ লগতে গাজাৰ তিনিটা অট্টালিকাও ধ্ৱংস হয়। এসপ্তাহ আগৰে পৰাই পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছ (Hamas)ৰ সৈতে ইজৰাইলৰ যুদ্ধ অব্যাহত আছে।
গাজা (Gaza)ৰ স্ৱাস্থ্য বিষয়াই জনোৱা মতে দেওবাৰৰ আক্ৰমণত ১৬ গৰাকী, ১০ গৰাকী শিশুৰ মৃত্যু হৈছে আৰু ৫০ দনৰো অধিক আহত হৈছে।
আনহাতে ইজৰাইলী সেনাৰ দাবী তেওলোকে খান ইউনিছ চহৰত বিমান আক্ৰমণেৰে গাজাৰ হামাছৰ শীৰ্ষ নেতা য়াহিয়া ছিনৱাৰৰ অট্টালিকা ধ্ৱংস কৰিবলৈ সক্ষম হৈছে। যোৱা কিছুদিনত ইজৰাইলে হামাছৰ নেতাসকলৰ ঘৰত নিৰ্দিষ্ট লক্ষ্য কৰি আক্ৰমণ চলাই আছে। ফলত হামাছৰ কেইবাজনো নেতা আত্মগোপন কৰিবলৈ বাধ্য হৈছে।