World Happiness Report: যুদ্ধত ব্যস্ত ৰাছিয়া আৰু ইউক্ৰেইনৰ স্থান ক্ৰমে ৮০ আৰু ৯৮। তালিকাৰ শেষত থকা দেষখন হৈছে আফগানিস্তান।
World Happiness Report: যুদ্ধত ব্যস্ত ৰাছিয়া আৰু ইউক্ৰেইনৰ স্থান ক্ৰমে ৮০ আৰু ৯৮। তালিকাৰ শেষত থকা দেষখন হৈছে আফগানিস্তান।
বিশ্বত মানুহৰ জীৱন-ধাৰণৰ মান আৰু মানসিক স্বাস্থ্যৰ মাপ হিচাপে ৰাষ্ট্ৰসংঘ (United Nations)ই প্ৰতিবছৰে সৰ্বাধিক সুখী লোক থকা দেশৰ এখন তালিক (World Happiness Report) প্ৰকাশ কৰে। এইবাৰো এই তালিকাত শীৰ্ষস্থআন দখল কৰিছে ইউৰোপীয় দেশ ফিনলেণ্ডে (Finland )। একেৰাহে পঞ্চমবাৰলৈ ৱৰ্ল্ড হেপীনেছ ৰিপোৰ্টত শীৰ্ষস্থান দখল কৰিছে ফিনলেণ্ডে। এইবাৰ মুঠ ১৪৬খন দেশক সামৰি এই প্ৰতিবেদন যুগুত কৰা হৈছিল। এই সমীক্ষাত এজন লোকৰ সুখৰ ধাৰণা, আয়, জিডিপি (GDP), জীৱনৰ আয়ূস কাল আদি বিভিন্ন দিশ সামৰি লোৱা হয়।
তালিকাৰ প্ৰথম ২০খন দেশৰ নাম তলত দিয়া ধৰণৰ-
১. ফিনলেণ্ডে
২. ডেনমাৰ্ক
৩. আইচলেণ্ড
৪. ছুইজাৰলেণ্ড
৫. নেডাৰলেণ্ডছ
৬. লাক্সেমবাৰ্গ
৭. ছুইডেন
৮. নৰৱে
৯. ইজৰাইল
১০. নিউজীলেণ্ড
১১. অষ্ট্ৰিয়া
১২. অষ্ট্ৰেলিয়া
১৩. আয়াৰলেণ্ড
১৪. জাৰ্মানী
১৫. কানাডা
১৬. আমেৰিকা
১৭. ইংলেণ্ড
১৮. চেক ৰিপাব্লিক
১৯. বেলজিয়াম
২০. ফ্ৰান্স
লক্ষণীয় যে আমেৰিকা, ইংলেণ্ড, কানাডাৰ দৰে দেশৰ নাম টপ ২০ৰ তলৰফালেহে আছে।
ইপিনে এই তালিকাত আৰু ভাৰত (ঘল্গো)ৰ স্থান ১৩৬। যোৱাবাৰ আছিল ১৩৯। আনহাতে যুদ্ধত ব্যস্ত ৰাছিয়া আৰু ইউক্ৰেইনৰ স্থান ক্ৰমে ৮০ আৰু ৯৮। তালিকাৰ শেষত থকা দেষখন হৈছে আফগানিস্তান।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|